১৪৩ তীৰ্থযাত্ৰা। হেৰুৱাই সামান্য লৰাৰদৰে ককায়েকৰে সৈতে ডিজিত ধৰাধৰিকৈ বিনাবলৈ ধৰিলে। দুবৰিবনত নীয়ৰৰ পানী যেন দুধাৰি চকুলো কৃষ্ণৰ দুগালে ধাৰে ববলৈ ধৰিলে। সেই আপদত ৰামকৃষ্ণ বিননিয়ে পিতৃ প্ৰেমৰ যি অপূৰ্ব্ব মাধুৰ্য্য বিৰিজাই তুলিছিল, সি বাস্তৱতে বৰ্ণনাতীত। কিন্তু, ধৈৰ্য্যে এৰা দিলেও উপস্থিতবুদ্ধিয়ে শ্ৰীকৃষ্ণক কদাপি লগ-এ নিদিয়ে। তেওঁ ততালিকে লাওবাহী লৈ অজগৰৰ সমুখে নন্দৰাজৰ শিতানত থিয় দি শীতলা সুৰেৰে মোহিনীগট, বাছি বাছি বজাবলৈ ধৰিলে। শুনি শুনি বাঁহীৰ সুৰত মুগ্ধ হৈ সাপে ৰ- লাগি ৰৈ চকু পিৰিকিয়াবলৈ ধৰিলে, আৰু তাৰ মেল খোৱা মুখ ক্ৰমাৎ মেল খাই বহুল হৈ যাবলৈ ধৰিলে। তাৰ পাচত, শ্ৰীকৃষ্ণই লাফ মাৰি অজগৰৰ পিঠিত উঠি লৈ, আকৌ মোহিনী গটেৰে লাওবাহী বজাই বজাই ভৰি-আগৰ ৰুক-ঝুনুক টিপনী আৰু চেৰেচেৱে কলিজা- লৰোৱা নেপুৰ ঝঙ্কাৰৰ গোৰোহনি মাৰি মাৰি নাচিবলৈ ধৰিলে। কৃষ্ণৰ নাচোনৰ চেৱে-চেৱে অজগৰে হোলোকা-হোলদাকে তেজ বটিয়াবলৈ আৰু সেই চেৱেপতি এচিপ-এচিপকে নন্দৰ গিলা অংশ ওকালিত উলয়াই পেলালে। এইদৰে এখনমান তানোল খোৱাৰ পৰত নন সৰ্পগৰ্ত্তৰপৰা সম্পৰ্ণে ওলাই পৰিল। তাৰ পাচত, তাতে তেতিয়াই খুচিকাটি টনিয়াই সাপটো বধ কৰা হল। এই আচৰিত উদ্ধাৰত উপস্থিত নৰ নাৰী সকলোৱে বিস্ময় মানিলে; আৰু পিতৃ গোপজ নন্দই পুত্ৰ শ্ৰীকৃষ্ণৰ ওচৰত সকাতৰে কৃতজ্ঞতা জ্ঞাপন কৰিলে। বিনয়ী কৃষ্ণৰ পক্ষে পিতাকৰ সেই আচৰণ অসহনীয় বোধ হোত, তেওঁ অৰপৰা উৎকৰে আঁতৰ হত। বৃন্দাবনৰ অম্বিকাথানত নহ্মোন্ধাৰ ঘটনাৰ সমিৰণ পৰাৰ লগে লগে ৰাতি ভাট দিলে। সন্ধ্যাতে ওই বিৰণি লোৱা গোপ-গোপিনীসকলে
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৭২
অৱয়ব