পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৫ তীৰ্থযাত্ৰা। নহলে নো সেই যমদূতী হেন ভীষণ পখীয়ে গোপিনীৰ মাজৰপৰা ঠাৰি আকাশলৈ উৰাই নিয়া কৃষ্ণ অতি আচৰিতভাৱে আৰু নিৰাপদে উলটি বধাৰ বুকুত পৰেহি নে? নহলে নো সেই ভৰাগাড়ী ভাগি ভজা চৰু, কলহ আদিৰে সৈতে পোত যোৱা কৃষ্ণ বিস্ময়জনককৈ জীয়াই থাকেনে? নহলে নো সেই দহবছৰীয়া কৃষ্ণই গোৱন্ধন গিৰিক দাজি ৰাদি ধৰি সেই হেন আপদত গোপ-উপনিবেশ অলৌকিকভাৱে ৰক্ষা কৰিব পাৰেনে? নহলে নো সেই এঘাৰবছৰীয়া কৃষ্ণই বাসযাত্ৰা আৰু দোলন যাত্ৰাৰ নিচিনা অপূৰ্ব শীলা-খেলাৰ অৱতাৰণা কৰি বৃন্দাবনৰ ব্ৰজবাসীৰ অন্তত আপোন-পাহৰোৱা ৰাগি লগাব পাৰেনে? নহলে নো সাত বছৰীয়াৰপৰা চৈধ্যবছৰীয়া লৈকে লৰা, চেহেৰা আৰু চেমনীয়। কৃষ্ণই কালিৰ দমন, ধেনুকাসুৰ বধ, প্ৰলম্বানুৰ বধ, বৃষাসুৰ বধ, বকাসুৰ বধ, অসুৰ বধ, কেশীদৈত্য বধ, ব্যোমাসুৰ বধু, অৰিষ্টাসুৰ বধ, শঙ্খচুড় বধ, আৰু সদেশেহত এই কালান্তক অজগৰবধ এইবোৰ অসাধাৰণ ক্ৰিয়া হেলাৰজে সম্পাদন কৰিব পাৰে নে? তাৰ উপৰিও, কেৱে নিশিকোৱাকৈ আৰু কেৰে নেদেখুৱাকৈ এনে মনোহৰ গীত-নাচ আৰু বাহীবাদন শ্ৰীকৃষ্ণই কেনেকৈ শিকিলে, কেনেকৈ জানিলে! অহ, বাওঁগালখনি বাওঁবাউসি-মূলত পাতি লৈ, ধেমুভিৰীয়া (চলাউৰি জুৰি নচুৱাই মিচিকিয়া মোহিনী হাঁহিৰে পৰমানন্দ শ্ৰৱঞ্চই কোমল আঙ্গুলিৰ আগেৰে বেণুৰ বিন্ধাৱলী টিপি টিপি যেতিয়া অধৰকমলেৰে বেণুত সুৰ দিয়ে (১১ তেতিয়া মৰ্ত্য জগত বিমোহিত হয়, স্বৰ্গতে অমৰ বনিতাসকল (১) ৰামবাহুকৃতবামপোললা বতিবধৰ্পিতবেণুং। কোমলাঙ্গুলীভি,তিমাৰ্গং গোপ্য ইৰয়তি যত্ৰ মুকুল।” —মাগবত, দশম স্ক, ৩৫ আধ্যা, , লোক। ১০