১৪২ কৰিলে। তাৰ পাচত, তাৰ মুৰৰপৰা উজ্জল শমণিটো আনি অগ্ৰজ বলৰামক উপহাৰ দিলেহি (১)। ইয়াকে শঙ্খচূড় বধ বোলা যায়। শঙ্খচুড় বধ হওঁতেনহওঁতেই শুনা গল যে, অম্বিকাথানৰপৰা “কৃষ্ণ কৃষ্ণ ত্ৰাহি ত্ৰাহি স্বৰে আওঁৰাৱ উঠিছে। শুনা মাকে সকলোটিয়ে উধাতু থাইথানৰ মুখে উলটি লৰ ধৰিলে। গৈ দেখে যে, সৰ্ব্বনাশ! এটা প্ৰকাণ্ড অজগৰে নন্দৰাজক জীয়াই-জীয়াই গোটে-গোটে গিলিবলৈ ধৰিছে! অজগৰে ভৰিৰপৰা গিলি নি কঁকালৰ কাষ পাওঁতেই নন্দই সাৰ পাই “কৃষ্ণ কৃষ্ণ” বুলি চিয়ৰিবলৈ ধৰিলে (২), আৰু থানৰ আশে-পাশে শুই থকা গোপ-গোপিনীবৰ্গে আৰ্ত্তৰাৰ কাঢ়ি উবুৰিখাই বেঢ়ি ধৰিলেগৈ। খুচি, কাটি, টনিয়াই যিমানেই এৰুৱাবৰ চেষ্টা কৰা হয়, সিমানেই সেই সাপটোৱে কোচ-ফেচকৈ গৰ্জি উঠে, আৰু সিমানেই সি নন্দক টানকৈ চুহিবলৈ ধৰে। ৰামকৃষ্ণ বিবুদ্ধি হল! দুয়ো আতুৰ হৈ কান্দিবলৈ ধৰিলে। শ্ৰীকৃষ্ণক কেৱে কোনো বিপদত এনে আতুৰ আৰু অথিৰ হোৱা কেতিয়াও দেখা নাই। নিজৰ বিপদলৈ তো তেওঁ সততে আওকণীয়াই, অন্যৰ বিপদতো তেওঁ কদাপি ধৈৰ্য্য নেহেৰুৱায়। সেই দিনাহে তেওঁক ৰিপৰীত দেখা গল। নিজৰ পিতা নন্দক বিপদে গৰাহ মাৰি ধৰা দেখি তেওঁ ধৈৰ্য্য (১) চুড় নিহত্যৈৰং মনিষাদায় ভাষৰং। অগ্ৰজায়াদৎ প্ৰীত্যা পশ্যম্ভীন ঘোষিতা।” -মাগত, দশম , ৩৪ আধ্যা, ২১ শ্লোক। (২) “সচুক্ৰোঘিনা গ্ৰন্তঃ কৃষ্ণ কৃষ্ণ সহায়। সৰ্পে মk এসতে তাত এপং পৰিমোচ। -মাগত, দশম , ৩৪ খ্যা, ও গো।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৭১
অৱয়ব