১৪১ তীৰ্থযাত্ৰ। যাত্ৰা কৰেপৰা অম্বিকাষাত্ৰীদলৰ লগৰীয়া হৈ আঁৰে আঁৰে আহিছিল, আৰু সততে তাক কৃষ্ণৰ আশে-পাশে ঘূৰি ফুৰালৈকো কোনো কোনোৱে মন কৰিছিল। বন-বিহাৰৰ সময়ত সি গাৰ ছাঁ যেন হৈ শ্ৰীকৃষ্ণৰ নিচেই কাষ চাপি ফুৰিছিল। পিচে, সেইদৰে ফুৰি থাকি, এটা ছেগত ঠাপতে সি কৃষ্ণক লৈ ইয়াকাটি হাবিলৈ লৰ ধৰিলে। লগৰীয়া গৰখীয়া লৰা আৰু গোপিনী ছোৱালীবিলাকে কিছুপৰ অবাক হৈ চাই থাকি আতুৰ ভাৱে চিৰিবলৈ ধৰিলে। কৃষ্ণপ্ৰাণ সৰু সৰু ৰা- ছোৱালীবিলাকে মনত অকণো দৈত্যভয় নকৰি সেই দৈত্যাকাৰ মানুহটোৰ পিছে পিচে খেদা ধৰিলে। সিহঁতৰ পিছে পিচে গা-চোৱা গুৰিয়াল নেতা বলমেও গজেন্দ্ৰগতিৰে সেই মুখে আগ বাঢ়িলে। তাৰ পাচত, খেলি গৈ গৈ সকলোটিয়ে দেখিলেগৈ যে, গজেসিংহে লগাদি দৈত্যে-কৃষ্ণে বনভূমি কঁপাই মালযুজ কৰিছে। লৰ ছোৱলীবিলাকে প্ৰাণকৃষ্ণৰ বিঘ্ন আশঙ্কাত অস্থিৰ হৈ বলৰামক সহায় হৈ আগ বাঢ়িবলৈ কাকুতি কৰিবলৈ ধৰিলে। কৃষ্ণশক্তিৰ পৰিমাণ পোৱা বলমে এটি মিচিকিয়া হাঁহি মাৰি এই বুলি সমিচাৰ দিলে, “বাৰু, চাহকচোন পৰে কোন্ আৰু উঠে কো।” পিচে, চাওঁতে চাওঁতে দেখা গল যে, শঙ্খীয়া আগ-খেপা ওপৰকৈ সেই দৈত্যহন মানুহটো চিট, হৈ মাটিত পৰিল, শ্ৰীকৃষ্ণই তাৰ বুকৰ ওপৰত উঠি ভুকুৱাই গুৰিয়াই তাক তাতে বধ 1 ব্ৰহ্মবৈবৰ্তপুৰাণ মতে, এয়ে পৃথিবীত বাধা-কৃষ্ণৰ জন্মৰ মুল। শ্ৰীমদ্ভাগৱত ইয়াৰ মুলতে অমিল; ব্ৰহ্মবৈত্ত মতে শঙ্খচূড় শ্ৰীকৃষ্ণৰ সহচৰ শ্ৰীলাম, কিন্তু ভগতৰ মতে শচুড় কুবেৰৰ অসুৰ এটা বক্ষ। হৰিৰণ আৰু বিষ্ণুপুৰাণ এই বিষয়ত নিৰাত।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৭০
অৱয়ব