পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪০ বনৰ মাজে মাজে সিবিলাকৰ চিৰনতুন প্ৰিয়কাৰ্য্য বনবিহাৰ আৰম্ভ কৰিলেগৈ। চলা ৰীতি অনুযায়ী সবাৰৰ আগত বংশীবদন শ্ৰীকৃষ্ণ, আৰু সবাৰে পিচত ৰামশিদাৰী বলৰাম কমে আগৰণুৱা নেতা আৰু গুৰিধৰা গা-চোৱা হৈ লগৰীয়া গৰখীয়া লৰা-ছোৱালীদলক মাজত লৈ মহানলে বৃন্দাবন বিহাৰ কৰিবলৈ ধৰিলে। সিবিলাকৰ আশে- পাশে গাৰ ছাঁ যেন হৈ এটা ভীমাকায় বনমানুহ ফুৰাও লৰা-ছোৱালী বিলাকৰ মাজত কোনো-কোনোৱে কেতিয়াবা দেখা পায়। সি বোলে গোপ-উপনীবেশৰপৰা আঁৰে আঁৰে সিবিলাকৰ লগৰীয়া হৈ গৈছিল, কেৱে তালৈ মন হে কৰা নাছিল। তাৰ ধোৱাবৰণীয়া কুটুলা চুলিটাৰ ওভতাই আনি কপালৰ আগত ওপৰশিঙ্গীয়াকৈ শেলাই লগা শামুকীয়া শঙ্খৰ সদৃশে আগ-খোলা বন্ধ॥ গাৰ বৰণ মেটমেট কৰে কলা। কোৰখনীয়া উছলা আপচু দাতকচলা ধকধকৰে বগা। চেলাউৰিত লাগি ওলমি থকা দুটা পকা ডিমৰু যেন। চেপেটা নাকটো ওঁঠৰ সমানে পিপিটখোৱা। কাণ দুখন যেনিবা দুখন কুলা হে। হাত- ভৰিলৈ চালে সাক্ষাৎ এটা ভালুক! ধেমুভিৰীয়া বৰপেটগোটৰে সৈতে এটা ৰাক্ষসৰ আকৃতি। সেই দৈত্যাকাৰ বন-মানুহটো (১) নালয়ৰপৰা চকু দুট। (১) ব্ৰহ্মবৈবৰ্তপুৰাণ মতে, এই শচুড় গোলোকৰ কৃষ্ণৰ সহচৰ এলাম। সেখৰী ৰাধাৰ শাপগ্ৰত হৈ তেওঁ শচুড় দৈত্যৰূপে পৃথিবী জন্ম ধৰেহি। শ্ৰীদামৰ ওলটা শাপগ্ৰন্তা হৈ, সেই বৰ্গৰ গোলোকেশী বাধাই পৃথিবীত গোকুলেশৰী ৰাধাৰূপে জন্মগ্ৰহণ কৰেহি। পিচে, সিবিলাক দুয়োৰে উৰৰ অৰ্থে, গোলোক একক আয়ং গোকুলত গৰখীয়া ৰূপে অৱতাৰ হয়হি। সেই চুৰ কাৰ্যৰ ৰাই এনামৰ পুনৰ হয়।