তীৰ্থযাত্ৰা। যথাসময়ত অম্বিকাপীঠ-থান গৈ পোৱাত, ৰামকৃষ্ণ সমন্বিতে নন্দৰাজৰ ওলগ লৈ, আৰু যাত্ৰীদলৰ সেবা-শুশ্ৰুষাৰ দিহা লগাই দি, পূজাৰীয়ে পশুপতি মহাদেৱ আৰু অম্বিকা গোসানীৰ পূজা আৰম্ভ কৰিলে। এনেতে, ৰাম-শিক্ষা বাজি উঠিল;-মুৰুলীধৰ শ্ৰীকৃষ্ণক মাজত লৈ গৰখীয়া ওজাপালি উঠি পেঁপা, বাঁহী আৰু খুঁটিলৰ বাদনৰ তালমান-চেৰেৰে মিলাই গৰখীয়া লৰা-ছোৱালীদলে সুলিত গৰখীয়া গীত গাবলৈ ধৰিলে, আৰু গীতৰ ছদে-ছেদে ৰুণুক-ঝনুক নেপুৰৰ হৃদয়-নচুৱা শবদেৰে মনমোহা কীৰ্ত্তনৰ নাচোনৰ যেটা পৰি সৰ্বতোভাৱে তাৰ জেউতি চৰি উঠিল।-দেখি-শুনি যেন মৰ্ত্য জগৎ তবধ লাগিল; দেৱতাসকলেও যেন অন্তৰীক্ষৰপৰা সেই অপৰা বিনিন্দিত নাচ-গীত দেখি-শুনি বিমুগ্ধ হল। এইভাৱে গোটেই দিন পূজা, সংকীৰ্তন আৰু শঙ্খ-ঘণ্টাদিৰ হিয়াভেদী বাদনৰ মৃদুমধুৰ ৰোল- মিহলি স্নিগ্ধ সমীৰণৰ মাজত নিমগ্ন থাকি সন্ধিয়া বেলিকা পূজাৰীয়ে পূজা-সামৰণ ঘোষণা কৰিলে। তাৰ পাচত, ৰামকৃষ্ণৰ দিহা মতে সমবেত সকললটি হৰিষ চিতেৰে আনন্দ-ভোজনত বহিল। সেই ভোজন-মুখ অনিচনীয়, সেই ক্ষন্তেকীয়া আনন্দ-উপভোগ বৰ্ণনাতীত, সি অনুভৱৰ ওপৰঞ্চি, আৰু তাক সতকাই উপলব্ধি কৰা নাযায়। ভোজনৰ অন্তত ভাগৰুৱা যাত্ৰীদলৰ যেয়ে যতে সুচল পালে, সেয়ে ত’তে প্ৰকৃতিৰ পাৰিখোৱা বননি-পাটীত পৰি নিদ্ৰাদেৰীৰ কোলাত জিৰণি ললে। নন্দৰাজক নীলাকৈ অলপ আঁতৰত পীঠথানৰ পিৰালিত শিতান দি শ্যা পাতি দিয়া হল। ব্যসীয়া গোপগোপিনী- বৰ্গক যেতিয়া ভাগৰৰ টোপনিয়ে কাৎ অৱশ কৰি আনিলে, তেতিয়া শ্ৰীকৃষ্ণৰ সঙ্কেত অনুসৰি মৃদুমধুৰ সুৰেৰে ৰামশিলা বাজি উঠিল আৰু গৰখীয়া লৰা-ছোৱালীদলেৰে লগ লাগি ৰাম-ই বলাকৰ মনোহৰ
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৬৮
অৱয়ব