পৰ দে। পূৰ্ণবাস। শ্ৰীকৃষ্ণই পুনপি ৰাসমঞ্চত প্ৰৱেশ কৰি সাম্যভাৱে গোপিনীসকলৰ মন যোগাই ৰাসোৎসৱ সম্পূৰ্ণ কৰিবলৈ অগ্ৰসৰ হৈছে, এনেতে ৰামশিঙ্গা বাজি উঠিল;-দৌ গোপিকাবৰ্গ একেচাবে উঠি ৰাসমণ্ডলৰ মাজত ৰাসেশ্বৰ শ্ৰীকৃষ্ণক কেন্দ্ৰ কৰি লৈ মৰল পাতি থিয় হলগৈ। পিচ-মুহুৰ্ততে শ্ৰীকৃষ্ণৰ মোহন মুৰুলীত গা-কোলা গীত-গট, বাজি উঠিল, আৰু গোপিকামণ্ডলীয়ে হাতে- হাতে ধৰা ধৰিকৈ গহীন-গম্ভীৰ সুললিত সুৰেৰে গীত গাই গাই নাচিবলৈ ধৰিলে। প্ৰত্যেক গোপিনীৰ মন বোগাবৰ অৰ্থে মণ্ডলাকাৰ শাৰীৰ দুই-ই গোপিনীৰ মাজত সোমাই শ্ৰীকৃষ্ণয়ো নাচোন ধৰে (১)। এইবাৰ নাচত ৰাগি ঘন; গতিকে (১) “বাসোৎসব সংবৃতভা গোপীমণ্ডল মণ্ডিতঃ; যোগেশ্বৰেণ কৃষ্ণেন সাং মধ্যে দ্বয়োৰয়ো। প্ৰবিষ্টেন গৃহীতানাং কণ্ঠে অনিকটং খ্ৰিঃ।” শ্ৰীমদ্ভগৱত, দশম স্কন্ধ, ৩৩ আধ্যা, (ৰাসপাধ্যায়, ম আখ্যা) ৩ লোক। অৰ্থাৎ, গোপিনীৰ্গৰ ভিতৰত যি এনে অনুভৱ কৰিছিল যে, কৃষ্ণই কেলে তেওঁবে হে ডিজিত সাবটি ধৰি আছিল, সেই গোপিনীৰ তেনে ভাব অক্ষুৰ ৰাখিবৰ অৰ্থে প্ৰত্যেক বোৰা-বোৰা গোপিনীৰ মাজত কৃষ্ণমূৰ্তিত প্ৰবিষ্ট হৈ যোগেৰ বিষ্ণু সেৎসৱত প্ৰবৃত্ত হয়।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৬৩
অৱয়ব