১৩৩ শ্ৰীৰাধাকৃষ্ণ। অনুভৱ কৰিছিল, আৰু গোপিনীৰ ভক্তিত মুগ্ধ শ্ৰীকৃষ্ণই প্ৰত্যেক গগাপিনীকে তেওঁৰ আৰাধিকাভাৱে বিশ্ব-অনুৰাগ বিতৰণ কৰিছিল। (১) (১) শ্ৰীমদ্ভাগৱতমতে এই “বাধিকা” ওপৰত উনুকিয়াই অহা কৃষ্ণৰ আজন্ম লগৰী যোগমায়া। কিন্তু, সি যি হওক, স্বৰূপাৰ্থত, শ্ৰীকৃষ্ণ স্বয়ং মৃতপ্ত হৈয় শৰৎকালৰ প্ৰফুল্ল মল্লিকা কুসুমেৰে সুশোভিত পূৰ্বপ্ৰতিশ্ৰুত সেই দীৰ্থ- ৰজনী সমাগত হোৱা দেখি যোগমায়া নামে নিজ অচিন্ত্য শক্তিক আশ্ৰয় কৰি তেওঁ কৃষ্ণ অৰিাধিক। গোপিনীবৃন্দৰে সৈতে বিহাৰ কৰিবলৈ বাস কৰে। শ্ৰীমদ্ভাগৱতত, বিশেষকৈ ব্ৰহ্মবৈৱৰ্ত্তপুৰাণত বিবৃত “পূৰ্ণৰাসৰ” সমতুল্য অলঙ্কাৰ গোপিনীৰ বস্ত্ৰহণ বিবৰণ হবিবংশ আৰু বিষ্ণুপুৰাণত নাই। আক, তাত ওপৰৰ দুখন পুৰাণে যি আদিবস চলিছে, তলৰ দুখনত তাৰ সূত্ৰও নাই। সি যি হওক, “বস্ত্ৰহণ” প্ৰকৃত হোৱা হলেও তাত পাপৰ চেক নপৰে; কিয়নো এঘাৰ বছৰীয়া নাবালক কৃষ্ণ তেনে ধেমালি খেলিলে তাত দায় ধৰিবলৈ ঠাই নাই আৰু তাত আদিৰসৰ সৰ নাথাকে।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৬২
অৱয়ব