অৰ্থে হে তেওঁ সেইদৰে হঠাতে হেৰাই প্ৰেমৰ ধাৰ ছিজি চাইছিল। কোনোৱে বা এনে বুজনি পালে যে, সাম্যভাব ৰক্ষাৰ হেতুকে হে তেওঁ সেইদৰে ঘঁয়াকাটি ফুৰিছিল,—কিয়নো তেওঁৰ মানত সদৌ গোপিনীয়েই “বাবা” আৰু ৰাধিকা মাত্ৰেই তেওঁৰ শ্ৰী (১)। স্বৰূপত কৃষ্ণ এজন, আৰু ৰাধা বা ৰাধিকাও এগৰাকী মাথোন। কিন্তু কৃষ্ণভাবত তন্ময় প্ৰত্যেক গোপিনীয়েই নিজক নিজে ৰাধিকা বুলি (১) প্ৰকৃতি-বিনে পুৰুষ পুৰ্ণাঙ্গ নহয়। অথবা, প্ৰকৃতি শূন্য পুৰুষ শ্ৰীহীন। সেই অৰ্থত, উকা-কৃষ্ণ শ্ৰীহীন; “ৰাধাকৃষ্ণ” হে শ্ৰীযুত। সেই কাৰণে, কৃষ্ণ আধিকা গোপিনী মাত্ৰেই “বাধিকা”, আৰু বাধাকৃষ্ণ” মাত্ৰেই কৃষ্ণেৰে সৈতে যোৰ' লগা গোপিনী। এই খিনিতে অলপ আচবিত মানিব লগীয়া হয় যে, এগৰাকী ৰাধিকাৰে সৈতে প্ৰেমালাপত মগ্ন হওঁতে আনবিলাকে কৃষ্ণলৈ অপেক্ষা কৰিব লগাত পৰা নাই; সেই একে সময়তে ভাব-ভঙ্গি আৰু অন্যান্য বিবিধ সাঙ্কেতিক বং-ধেমালিবে তেওঁ সকলোকে সমানে মুগ্ধ কৰি ৰাখিছিল। এই আচৰিত বা অতিপ্ৰাকৃতিক প্ৰতিভা বিকাশৰ বাবেও জনসাধাৰণে প্ৰকৃত অলৌকিকতা আবোপ নকৰাকৈ বব নোৱাৰিছিল। আৰু, সেই আপাহতে “যত বাধা, তত কৃষ্ণ” বুলি কৃষ্ণভক্ত গোপ-গোপিনীয়ে শ্ৰী কৃষ্ণত ঐশ্বৰিক লীলা-খেলাব মাহাত্ম্য মনে মনে আবোপ কৰিছিল, যদ্যপি কোমল কৃষ্ণৰ কৰুণ প্ৰাণত ব্যথা লগোৱাৰ ভয়ত সিবিলাকে মনব সেই ভাব মনতে মাৰ নিয়াইছিল। কিন্তু, আচলতে একো আচৰিত নহয়। আধুনিক প্ৰত্যুৎপন্নমতিৰ অসাধাৰণ প্ৰতিভাশালী পুৰুষ নেপোলিয়ান বোনাপাটীয়ে একে সময়তে সাতোটা কামত হাত লগাব বা সাতফালে মননষেংগ দিব পাৰিছিল; অসমৰ বিচক্ষণীয়া ৰাজনীতিজ্ঞ পুৰুষ পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই একে সময়তে পাটোটা কামত ধৰিব পাৰিছিল;- এতেকে, অদ্ভুত শক্তিশালী পুৰুষ শ্ৰীকৃষ্ণই একে সময়তে ইবিলাকৰ দুগুণ-চতুগুণ যা অপৰ্যাগুকৈ ভি ভি কাৰ্যাত মন-কাণ-হাত লগাব পৰাটো একা আচৰিত মানিৱ- লগীয়া ৰা নহয়।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৬১
অৱয়ব