ৰাধাকৃষ্ণ। সুকীয়াকৈ সিবিলাকৰ প্ৰেমৰ পুতলি হৃদয়ৰঞ্জন শ্ৰীকৃষ্ণৰ লগত প্ৰেমালাপ কৰিবলৈ ধৰিলে। প্ৰত্যেকেই একে-একোবাৰ ৰাধাকৃষ্ণ হৈ কৃষ্ণসঙ্গ সুখ উপভোগ কৰিলে, ক্ষন্তেকৰ ভিতৰতে ৰাসমণ্ডল উদ্ভাসি উঠিল, সাম্যভাবৰ জেউতি বিয়পি পৰিল। প্ৰত্যেক ৰাধিকাই প্ৰত্যেক কৃষ্ণক প্ৰত্যেক বাৰেই এই একটা প্ৰশ্নকে ধৰিলে যে, অভাগিনী গোপিনীক অনাথিনী কৰি তেওঁ কিয় সেই দৰে অন্তৰ্ধান হৈছিল। উপস্থিত বুদ্ধিৰ নিজৰা, কথাৰ সাগৰ শ্ৰীকৃষ্ণই প্ৰত্যেক ৰাধিকাৰ মন বুজি সুকীয়া-সুকীয়াকৈ সমিধান দি প্ৰত্যেককে পৰিতুষ্ট কৰিবলৈ ধৰিলে(১)। কোনো গৰাকীক বুজালে যে, বিৰহৰ জ্বাল দি মিলনৰ ৰস ঘন কৰিবৰ উদ্দেশ্যে তেওঁ সেইদৰে ঘঁতে বাগি দি লুকাই ফুৰিছিল; আন এগৰাকীক সমিচাৰ দিলে যে, গোপিকাৰ মন বুজিবলৈ হে তেওঁ আঁতৰ হৈ চাইছিল; কোনোৱে বা এই উত্তৰ পালে যে, প্ৰেমৰ ৰাগি চৰাবৰ (১) “এবং মদৰ্থোঝিতলোকৰ্বেদ- অনাং হি বো মযানুবৃত্তয়েবলা। মায়া পবোঙ্গং ভাত তিববাহিত মায়িতুং মাহখ তৎ প্ৰিয়ং প্ৰিয়া।” —মাগৱত, দশমঞ্চ, ৩২ অধ্যা (ৰাসপাধ্যায়, ৰ্থ আখ্যা) ২০ শ্লোক। অৰ্থ-হে অবলাসকল, তোমালোকে মোৰ নিমিত্তেই লোকাচাৰ, বেনাৰ আৰু আত্মীয়স্বজন পৰিত্যাগ কৰিছাইক। ময়ো তোমালোকক এৰি কলৈকো যোৱা নাই, মাথোন তোমালোকৰ অনুৰাগ বঢ়াৰৰ অৰ্থে হে ক্ষন্তেক লুকাই আছিলে; মই তোমালোক দেখিয়েই আছিলো, তোমালোকৰ বিলাপপা শুনিছিলো। তোমালোক মোৰ প্ৰিয়তমা, ময়ো তোমালোকেৰ পৰম হিতৈষী। এতেকে, মোৰ ওপৰত নোবাধোপ কৰি বোহ পাতিবৰ সকাম নাই।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৬০
অৱয়ব