পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৮ গোপিনীসকলৰ ধাউতি বাঢ়িছে, সিমানেই সিৰিলাকে হেবাখৰি খাই বিচাৰিবলৈ ধৰিছে। বিচাৰোতে বিচাৰোতে কেতিয়াব কোনো ঠাইত শ্ৰীকৃষ্ণৰ চিৰ-পৰিচিত পদ-চিন্ পাই সেই ফাললৈকে আটাইটি ঢাল খাই গৈ বিচাৰি ব্যাকুল হয়। সেই পদ-চিন্ খেদোতে খেলোতে ক’তে বা যোৰা-খোজ পোৱা যায়; কোনোবা গোপিনী যেন কৃষ্ণাইৰ লগ পাই তাতে ৰাধিকা হৈছিল! আৰু, খেদোতে খেদোতে কোনো ঠাইত যোৰা গুচি গুটীয়া খোজ পোৱা যায় দেখি ঈৰ্ষাজুইত ডেই- পুৰি মৰা গোপিনীৰ মনত এনে ভাব খেলায় যেন সেই খিনিতে ভাগৰে অৱশ কৰাত সেই ৰাধিকাক ৰাধনাথে কোলাত তুলি লৈ গৈছে। আকৌ পোৰা যায়, সৰবৰৰ পাৰত বুৰীয়া খোজ, তাৰ কাষত সৰি পৰ পদুমৰ পাহি-দেখি বিৰহিনী গোপিকাবৰ্গৰ হিয়া এনে ভাবত অলিবলৈ ধৰে যে, হয়তো সেই খিনিতে প্ৰেমিক কৃষ্ণই আৰু কোনোবা এগৰাকী ভাগ্যবতী “বাধিকা”-গোপিনীৰ খোপাত পদুম ফুল পিয়াই দিছিল। সেই ভাবে ৰাসমঞ্চত ভাৱৰীয়ানী “ৰাধিকাৰ অন্তৰত ঈৰ্ষা সাতকুৰামান অগ্নি জ্বলালে, তেওঁ তাৰ দহনত ৰণি নাপাই তাতে পৰি মুছকছু গল!