১২৭ ৰাস-পূৰ্ণিমা। সন্ধান সুধিবলৈ ধৰিলে (১)। ইজুমৰ পাচত সিজুম গৈ গোপিনীবৰ্গে বিধূকৈ বিধকৈ কদম, তমাল, মাধৱ, বকুল আদি গছত সোধে-কৃষ্ণ চন্দ্ৰক সেইপিনে যোৱা দেখা পাইছিলে নে নাই বুলি-গছক নিৰ পাই বেজাৰ মনেৰে আতৰি যায়, আৰু পুৰুষে নাৰীৰ বেদনা বুজিব কি এই বুলি খেদ কৰি বিনাবলৈ ধৰে। তাৰ পাচত, আটাইটি বাউলী হৈ নিকুঞ্জ, মালতী, মাধবী লতাত সোধেগৈ, শ্ৰীনন্দ-নন্দন গোপালক সেইপিনে কেনেবাকৈ দেখা পাইছিলে নে বুলি-লতাকে। নিৰুত্তৰ পাই গোপিনীসকলৰ শোক এই বুলি উধাবলৈ ধৰে যে, নাৰীয়েও নাৰীৰ বেদনা নুবুজে! তাৰপৰা আটাইটি আতুৰ হৈ কালিন্দীত নামেগৈ, জানোবা সৰিতবিহাৰী কৃষ্ণাই তাতে সাতৰি নাদুৰি বিহাৰ কৰি আছে?—নৈয়ে খলখলাই হাঁহি হাঁহি বৈ গৈ ইতিকিং হে কৰিলে গোপিনীসকল বিষাদিনী হৈ আতঁৰি আহিল। সেইদৰে উপেক্ষিত হৈ আতুৰা গোপিকাই তমালৰ ডালত পৰি চু- চুমিকৈ থকা চাকৈ-চকোৱাত এই বুলি সুধিলেগৈ, “কোন্ পিনে গলে নো কৃষ্ণাইক লগ পোৱা যাব?” চাকৈচকোৱাৰ চকু-পিৰিকনি দেখি বুজা গল, সিহঁত আত্মমুখত বিভোৰ, আনৰ দুখ অনুভৱ কৰিবলৈ অপাৰগ! তাৰপৰা বিষাদ লাগি আঁতৰি যাওঁতে চকিত হৰিণীক পালেগৈ; হৰিণীয়ে মূৰ তুলি চকু-কাণ থিয় কৰি যি পোনে ঠৰ লাগি চাই আছিল, সেই পোনেই কৃষ্ণসন্ধান অনুমান কৰি উন্মাদিনী গোপিনী সকলে পিয়া-পি-দি বিচাৰিবলৈ ধৰিলে। কিন্তু নাই, শ্যামধন কতত নাই! যিমানেই বিচাৰি পোৱা নগৈছে, সিমানেই কৃষ্ণধনৰ উদ্দেশে (১) মাগত দশম অক্ষত এই কাব্য বৰ্ণনা বহলাই দিয়া আছে। আক, সি স্বৰূপতে স্বাভাবিক না! তাৰে সাৰাংশ মাখেন এই পুথিত টুকি দিয়া যৈ।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৫৬
অৱয়ব