১২ হাৰিল। সেই প্ৰসঙ্গত তেওঁ ৰাসমঞ্চৰ গোপিনীসকলক পাচনী-খেলত (১) নিয়জিত কৰিলে। এই খেলত যোৰা-বোৰাকৈ অৰিয়া-অৰি চলে (২)। শ্ৰীকৃষ্ণৰে সৈতে বোৰা-যোৰাকৈ গোপিনীসকলৰ ভিতৰত আটাইৰে একোপালি খেল পাৰ হৈ যোৱাৰ পাচত, সেই ৰাতিৰ ৰাসৰ ৰাধিকাৰ পাল পৰিল। পিচে, অৰিয়া-অৰিত ৰাধিকা জিকিল, কৃষ্ণ এই কথাত ৰাসমঞ্চৰ সমবেত গোপিনীবৰ্গে আনন্দৰ কিৰিলিত বৃন্দাবন প্ৰতিধ্বনিত কৰিলে। কিয়নো, গৰখীয়া-ধেমালিৰ নিয়ম অনুসৰি জিকা-ঢালৰ গৰাকীয়ে হৰা-ঢালৰ গৰাকীৰ বোকোচাত বা কানত উঠিবলৈ পায়। এতেকে, সেই নিয়মে এতিয়া ৰাধিকা কৃষ্ণৰ কানত উঠিব লগীয়া হল। সেই হে গোপিনীসকলৰ হাঁহি- কিৰিলি সিমানকৈ উধাইছিল। সেইবাবে ৰাধিকা লাজত মুছকছ,গল, আৰু কৃষ্ণই উপস্থিত বিষম বিপদত কি কৰা যায়, তলমূৰকৈ গুণিবলৈ ধৰিলে। আনকি, কদমৰ তলত আহতীয়াকৈ থিয় দি থকা ৰাম- শিজাধাৰীসুগহীন বলমেও উপস্থিত সমস্যালৈ মন কৰি মিচি-মিচিকৈ হাঁহিবলৈ ধৰিলে। কিন্তু, গুপিলে কি হব? চাপৰিলে মেঘ নেয়। ধেমালিৰ বন্ধা নিয়ম অনুসৰি বাধ্য হৈ শ্ৰীকৃষ্ণই কান পাতি দিলেহি। (১) ব্ৰহ্মবৈবৰ্ত পুৰাণ আৰু শ্ৰীমদ্ভাগৱতৰ ৰাসলীলা বৰ্ণনাত এই সতৰ চৌপট-খেলৰ কণা বিস্তাৰিতকৈ কোৱা হৈছে। ই ঘাইকৈ দুৰিধ,—পচি আৰু পা। গৰখীয়াশালিত পচি-খেলৰচলন্তি হে প্ৰল। ইয়াৰ অনুবৰ্তী আৰু কেই- বিমান খেল গৰখীয়ালিত চলে; তাৰ ভিতৰত খলিটিখেল গৰখীয়াৰ, বৰ প্ৰীতিৰ ধেমালি। এই আটাইবোৰ পাচনীখেলৰ অন্তৰ্ভুক্ত। (২) গৰখীয়ালিত হোৱা ৰং-ধেমালিৰ এনে নিয়বানীৰ চলন্তুি আজিকো পতি আছে। আৰু খেল শীতেই অৰিয়া-অৰিৰ ভেটিৰ ওপৰত বিয়; নহলে, ভাত খেলুৱৈৰ ৰা নহে।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৫৩
অৱয়ব