বি গোপিকাই পীতাম্বৰ কৃষ্ণৰ বাৰে নীলাঘৰী হৈ এহাতে গুণী ভিৰাই থিয় দিবলৈ পায়, তেওঁ ভাবে তেৱেঁই হে বৃন্দাবনৰ জৰাধিকা (১)। প্ৰেমৰ পুতলি কৃষ্ণচন্দ্ৰৰ কৰুণ হিয়াত কেনেবাকৈ ব্যথা লাগে বুলিহে গোপিনীসকলে অন্তৰৰ আচল ভাৰ অন্তৰতে ঢাকি থয়, নাইবা সিবিলাকৰ সেই বিশ্বাস কাৰ্য্যত এই দৰেহে বিকাশিত হয় যে, কৃষ্ণ আন নহয়, পৃথিবীত সাক্ষাৎ শ্ৰীবিষ্ণুৰ অৱতাৰ মাখোন। সেই ভাৱেই ব্ৰজৰ সৰলা গোপিনীসকলে বৃন্দাবনৰ শ্ৰীকৃষক ভজিছিল, সেই ভাৱেই সেই পূৰ্ণিমা ৰাতি ৰাসোন্ম গোপিকা সকল সেখৰ শ্ৰীকৃষ্ণত মজিছিল। সমনীয়া গোপিকা-ছোৱালীৰ কথাই নাই, বয়সীয়া গৃহিণী-গোপিকাও কৃষ্ণপ্ৰেমেত উত্ৰাৱল। কৃষ্ণবেণুৰ আহবান না মাত্ৰে গোপিকা-ছোৱালীবোৰে যি দৰে মাক- (১) ৰা ধাতুৰ অৰ্থ আৰাধনা। যেয়ে শ্ৰীকৃষ্ণৰ আৰাধিকা, সেয়ে ৰাধা’ বা থিকা। গতিকে, কৃষ্ণভক্তা বা কৃষ্ণানুবক্তা বা কৃষ্ণৰ আৰাধিকা গোপিনী মাত্ৰেই “বাবা” বা “বাধিকা”। অৱশ্যে, বৃন্দাবনৰ কৃষ্ণাৰাধিকা আদৰ্শ স্বৰূপিনী গোপিনী আহিল। তেওঁক কৃষ্ণ-সোহাগিনীৰূপে আনসকল গোপিনীয়ে কৃষ্ণ-আৰাধনাৰ নেত্ৰী মানি লৈছিল। কিন্তু, ভাগবতৰ “পঞ্চাধ্যায়”ৰ ক'তো ৰাধা” নামৰ উল্লেখ পোৱা নাযায়। বিষ্ণুপুৰাণৰ পঞ্চম খণ্ডত ৰাধা” নামৰ সংস্ৰ নাই। হৰিবংশৰ বিষ্ণুপতত ৰাধৰ অৱতাৰণা নাই। মহাভাৰতত এই সম্পৰ্কীয় কোনো কথা নাই। আছে কেৱল ব্ৰহ্মবৈবৰ্তপুৰাণত, সিও আধুনিক খনত; মূল-ব্ৰহ্মবৈবৰ্তপুৰাত ৰাধাকৃষ্ণ বিষয়ক বৰ্ণনা আছিল নে নাই, আৰু আছিল যদি কি ভাৱে আছিল, তাৰ সঙ্গে পাবলৈকো নাই। কিয়নে, মূলৰহ্মৰৈপুৰাণ আজিকালি পাবলৈ নাই। আধুনিক ৰৈত ৰাধাৰ অৱতাৰণত কৰি-নাৰ অভিজাৰ খচছে, আৰু সেই অত্যাচাৰে নিল বিশৰ কৰিতত বাকৈ আদিলৰ চা পেলাইছে।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৪৯
অৱয়ব