১১৯ ৰাস-পূৰ্ণিমা। চেৱে মৰল-পতা গোপিনীৰ্গে ঘূৰি ঘূৰি নাচিবলৈ লাগিলে। নাটোতে নাটোতে গোপিনীবৰ্গে ৰাগত বিভোল হৈ, কোনোৱে ৰা পিঠিত বুকু টিপি বেণুধৰক সাবটি ধৰে, কৃষ্ণই হিয়াবুকুৰ ওপৰেদি হাত নি বেণু বুলায়; কোনোৱে বা মুৰুলীধৰৰ মূৰত আপোনাৰ কণ্ঠৰ মালাধাৰি পিন্ধাই দিতন্ময় হৈ চাই; কোনোৰ বা পেপাধাৰীকৃষ্ণৰ কপালৰ কৈ অহা ঘাম-পানী সোঁতাকে মছি দি তৃপ্তি লভে; কোনোৱে বা বংশী- বদনৰ মদনাননত চুমাকে এটি দি স্বৰ্গ ধুকি পায়। এইভাৱে গোপিনী- সকলে ৰাসেশ্বৰক নিজ নিজ অনুৰাগ বুজায়। তাৰ সমিধানত ৰসাধাৰ প্ৰেমাৱতাৰ কৃষ্ণপুৰুষে সেই প্ৰকৃতিপ্ৰেমত পৰি গৈ বাওঁহাতেৰে বেণু বুলাই সোঁহাতৰ আলিঙ্গনেৰে সিবিলাকক প্ৰেম-প্ৰতিদান দিয়ে। তাৰ পাচত, অতৃপ্ত বাসনাৰ এনে নাচোনশীলা এৰি, সঙ্গীত প্ৰতিভা আধাৰ গীতিক কৃষ্ণই নাৰীহৃদয়স্পৰ্শী বছা বছা মধুৰ গীত গাই লগাই দিয়ে, গোপিনীসকলে বৃন্দাবন প্ৰতিধ্বনিত কৰি জাটজাটকৈ গাবলৈ ধৰে গাই গাই গীতৰ গুঢ়াৰ্থত মজি গোপিনীসকল তন্ময় হৈ সেই বিচক্ষণীয় গায়ক গীতিকণ্ঠৰ পাৱত ঢলি ঢলি পৰে। গাই গাই গাই কেতিয়াবা হাত-ধৰা-ধৰিকৈ, কেতিয়াবা ডিঙ্গিখ- ধৰিকৈ, কেতিয়াবা বা প্ৰকৃতি-পুৰুষৰ যুগল মূৰ্ত্তিৰপে প্ৰেমোন্মত্ত গোপী-কৃষ্ণ আপোন-পাহৰা হৈ নাচিউঠেচেৱে চেৱে কবুক নেপুৰ বাজি গায়ক-গায়িকাৰ গা-মন উলাহত উলীত ৰুৰে। যি গোপিনীয়ে প্ৰেমিক কৃষ্ণৰ এটি আলিঙ্গন পায়, তেওঁ ভাবে তেওতপৰ আৰু প্ৰেমিকা নাই। যি গোপিনীয়ে নায়ক কৃষ্ণ কৰশ লাভ কৰি এখোজ আগুৰাবলৈ পায়, তেও ভাবে তেওঁতপৰ আৰু নায়িকা নাই! যি গোপিকাই বঙ্কিম কৃষ্ণৰ পিঠিত বুকু টিপি যুগলমূৰ্তি ধাৰণ কৰিবলৈ পায়, তেওঁ ভাবে তেওঁ স্বয়ং বৈকুৰ মহালক্ষ্মী যোগমায়া।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৪৮
অৱয়ব