পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় হেদ। অৰিষ্টাৰ বধ.। # এদিন সঁচাসচিকৈয়ে ৰাসলীলাৰ বিয় উৎপাদক এটা মহা আপদ মিলিছিল। সেই ৰাতি ৰাস-ক্ৰীড়াৰ সময়ত কৰবাৰপৰা অকস্মাৎ এটা দৈত্য যেন গন্ ধৰা বনৰীয়া মেঠোন বৃন্দাবনত সোমাই হাবি-বন জঙ্গি সমলৰ ফালে চক ধৰি খেদি আহিল। অসুৰ যেন সেই ভীষণ জন্তুটোৰ ভঁজ-ভঙ্গী দেখি বাস-ধেমালি ভাগিবৰ উপক্ৰম হল, আটাই বিলাক ভয়ত ত্ৰাহি ত্ৰাহি হৈ পলাবলৈ উদ্যত হল, গোপিনীসকলে “কৃষ্ণ কৃষ্ণ” বুলি আওঁৰাৱ কাঢ়িবলৈ ধৰিলে। এনেতে, শ্ৰীকৃষ্ণই কেইখোজমান আগ বাঢ়ি গৈ সেই মতলীয়া মেঠোনটোক ফেৰ পাতি ধৰিলেগৈ। মেঠোনে নাক-ফোঁপনি মাৰি শিং জোকাৰি একেচোচাই আহি কৃষ্ণৰ গা চাপিলেহি। সেই মেঠোনটো এঙাৰ ‘যেন কলা, কলাডাৱৰ সদৃশ, ভয়ঙ্কৰ, তাৰ শিবোৰ কঁকৰা কাইটযেন জোঙা, চকুষোৰ জুইযেন ৰঙা, খুবোৰ খুৰযেন চোকা। সি তাৰ ধেলা জিভাচটাৰে সৈতে সঘনে নাকৰ বিন্ধা চেলেকি চেলেকি নেগুৰডাল লৰফৰাই নাক-ফোঁপনি মাৰি খেদি আহি কৃষ্ণৰে সৈতে থম্ মাৰিবলৈ ফেৰ পাতি ধৰিলেহি। পিছে, লাচত পাকৈত মহা বাহুবালী অদ্ভুত লৰাই লাচতে মেঠোনৰ গন্ধনৰ ওপৰলৈ (ক) বিষ্ণুপুৰাণ, পল খ, ১৮ অধ্যা। (খ) মত দশম স্ক, ৬ অ্যা। (১) হৰিবং, বিষ্ণুপ,। জাখ্যা।