পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাসলীলা। আন কেও নাইকিয়া হয়। লগৰ লগৰীয়া লৰা বুলিবলৈ কেৱল সিবিলাক দুজন হে, বাকী আটাইবিলাক ছোৱালী আৰু গৃহিণী- গোপিনী। তাতে ৰাতিৰ কাল। বনৰ মাজত লীলাখেলাত মগ্ন থাকোতে কেতিয়াবা কোনো বনৰীয়া জন্তুৰে আহি অমল ঘটাবহি পাৰে। সেই কাৰণে, ৰাসৰ সময়ত সিবিলাক দুজনৰ এজনে বাকীবিলাকৰ গাৰখীয়া হৈ পহৰা দি থাকে। পিচে, প্ৰকৃতপক্ষে ৰামৰ গাত হে সেই ৰ সততে ন্যস্ত থাকেকিয়নো গীত, বাদন, নাচোনৰ ওজা শ্ৰীকৃষ্ণ সমলৰ মাজত নহলে নহয়।