W • হব পাৰে, ত’ক আধুনিক পাশ্চাত্য পণ্ডিতৰ ধাৰণাই নধৰে গৈ। (২) মূমহাভাৰত আৰু পুৰাণাদিৰ পৰবৰ্তী সংস্কৰণবোৰত প্ৰক্ষীপ্তৰ পৰিমাণ অতিপাতকৈ চৰি উঠি কৃষ্ণচৰিত্ৰত অলৌকিকতাৰ মাত্ৰা অতিচাৰকৈ চৰাৱাত, শ্ৰীকৃষ্ণ সম্বন্ধীয় আখ্যান, উপাখ্যান, গাথা, কল্প শুদ্বিমূলক গ্ৰন্থসমূহক কাব্যৰ লেখত লবলৈ বিদেশী আৰু বিভাষী পণ্ডিতসকলে সুচল পাইছে; আন হাতে পুৰণিকলীয়া হিন্দুশাস্ত্ৰসমূহ শ্লোক আৰু ছত ৰচিত গেৱাৰ আপাত, তত কল্পনাৰ পাখি নচুৱাবলৈকো চল লাগি ৰৈছে। স্বৰূপতে, সেই কল্পনাৰ ব্যাপ্তি আৰু তাৰ প্ৰভুত্বৰ অত্যাচাৰ ক্ৰমাৎ অতিপাত হৈ উঠাৰ নিদৰ্শন ঢাকি ধৰি নেদেখা কৰিব পৰা নাযায়। গতিকে, সেই অলৌকিকতাৰ গাত বাগি দি কৃষ্ণ-কাহিনী কাল্পনিক বুলি উৰুৱাই পঠিয়াবলৈ বিদেশী পণ্ডিতৰ পক্ষে উজু হৈ পৰিছে। আন কি, সেই হেতুতে ধৰি, মহাভাৰত হেন আখ্যানপূৰ্ণ ঐতিহাসিক মহাগ্ৰন্থকে। মহাকাব্য (Epic Poem ) বুলিহে জৰ্মানি আৰু আমেৰিকাৰ সংস্কৃতজ্ঞ পণ্ডিতসকলে সাব্যস্ত কৰিব খোজে! এনে কি, শ্ৰীকৃষ্ণৰ লগতে সিবিলাকে কুৰু পণ্ডৱকে। কল্পনাৰ পাখি পিন্ধাই উৰাই দিবলৈ চিপ লয়! সি যিহওক, কুৰুক্ষেত্ৰ মহাৰণৰ প্ৰকৃততা কিন্তু সিবিলাকে নিৰ্বিবাদে স্বীকাৰ কৰে, আৰু সেই একেটা অসংলগ্ন ধাৰণাৰ বাবেই সিবিলাক সত্যৰপৰা পিছলি কৰবাত পৰেগৈ, সেই বাবেই সিবিলাকৰ কূটতৰ্ক সেই খনিতে মুখৰপৰা মাটিলৈ সৰি পৰে; কিয়নো কুৰুক্ষেত্ৰ-ৰণ প্ৰকৃত বুলি মানিলে তাৰ কেন্দ্ৰশক্তি আৰু সৰ্বশ্ৰেষ্ঠ নায়ক শ্ৰীকৃষ্ণক নামানি পাৰে কেনেকৈ? ইমানলৈকে পাৰ্যমানে চমুচপাই গ্ৰন্থশাস্ত্ৰাদিৰ সমৰ্থন লৈ শ্ৰীকৃষ্ণৰ অস্তিত্ব সাব্যস্ত কৰিবলৈ প্ৰয়াস পোৱা গল। বিদেশী পণ্ডিতৰ
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৪
অৱয়ব