পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

no মনুসংহিতা এইবিলাকত কৃষ্ণ-আখ্যান বা কৃষ্ণ-উপাখ্যান পাবলৈ নাই, কিয়নো সেইবিলাক গ্ৰন্থশাস্ত্ৰ শ্ৰীকৃষ্ণৰ পূৰ্ব্ববৰ্তী, মহাভাৰত আৰু পুৰাণাদিৰ দৰে সমসাময়িক আৰু পৰবৰ্তী নহয়। সেইবিলাকত নাই বুলিও, মহাভাৰতৰ পৰবৰ্তী ৬০০ খ্ৰীষ্টপূৰ্বাব্দম'নত প্ৰণীত পাণিনি ব্যাকৰণৰ সূত্ৰ-ব্যাখ্যাৰ পটন্তৰত বাসুদেব’ নাম পোৰা যায়। এই বাসুদেৱ যে মহাভাৰত আৰু পুৰাণাদিৰ বসুদেৱৰ পুত্ৰ কৃষ্ণ, তাত সংশয় মানিবলৈ কাৰণ নাই যিহেতু তাত আনুসঙ্গিক সূত্ৰৰ পটন্তৰত ‘কৃষ্ণ আৰু কংস নামো উল্লিখিত আছে। ঋগ্বেদ-সংহিতাতে। ‘কৃষ্ণ নাম লগ পোৱা যায়, কিন্তু সেই কৃষ্ণ বসুদেৱৰ পুত্ৰ বাসুদেৰ বা শ্ৰীকৃষ্ণ বুলি মানিব নোৱাৰি। মহাভাৰত, হৰিবংশ আৰু ৯ খন পুৰাণত বাজেও, কল্কিপুৰাণ, ৰাজতৰঙ্গিণী, জ্যোতিৰ্বিদাভৰণ, হৰগেৰীতন্ত্ৰ, বৃহৎসংহিতা প্ৰমুখেৰ ভাৰতীয় ভাষাত হাজৰ-বিজাৰ গ্ৰন্থত কৃষ্ণ-কথা কথিত আছে; লাখ বিলাখ গীত, কবিত', নাট, উপাখ্যান আদিত কৃষ্ণনামকীৰ্ত্তন প্ৰস্তাবিত হৈছে। ভাৰতবৰ্ষৰ সৰ্বত্ৰতে আদৰ্শপুৰুষ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথি পালনৰ ৰীতি নিছিগাধ'ৰেৰ ববই লাগিছে। পিচে, ইমানতো পছিমীয়া সভ্যতা পোহৰৰ ভাপ পোৱা কোনো-কোনো ভাৰতীয় শিক্ষিত লোকে, বিশেষকৈ প্ৰখ্যাত অধ্যাপক মেক্সমূলাৰ প্ৰমুখ্যে সংস্কৃতজ্ঞ পাশ্চাত্য পণ্ডিতবৰ্গে কৃষ্ণৰ অস্তিত্ব মানিব নোখাজে কিয়? কৃষ্ণ-কাহিনী আখ্যান বুলি স্বীকাৰ কৰিবলৈ সিবিলাকে টান পায় কিয়? কৃষ্ণলীলা কাল্পনিক বুলি তাক ওফৰাবলৈ সিবিলাকে সাহ কৰে কিয়? এই কেইটা প্ৰশ্নৰ যথাযথ সমিধান ডাঠি দিয়ে কোনে এতিয়া? তথাপি, নিতান্ত অপাত্ৰ যদিও, আমি সেই প্ৰশ্নৰ উত্তৰ এইদৰে কাটিবলৈ আগ বাঢ়িব খোজে, যেনে-(১) ভাৰতীয় সভ্যতা যে ইমান পুৰণি