ndo সাহায্যাৰ্থে, উল্লিখিত যুক্তিসমষ্টিৰ লগত আৰু এবিধ যুক্তিৰল প্ৰয়োগ কৰা যায় যে, অকল শাস্ত্ৰোক্ত মন্ত্ৰাদি আৰু গ্ৰন্থাদিত লিপিৱদ্ধ আখ্যান- মঞ্জৰী উপভোগ কৰিয়েই তাৰ ওপৰত সিদ্ধান্ত মন্তব্য দিবলৈ চাব নালাগে, তাৰ লগতে দেশৰ পূৰ্বাপৰ প্ৰচলিত সামাজিক আক ৰাজনৈতিক ৰীতি-নীতি আৰু দেশাচাৰৰ তত্ত্ব আয়ত্ত কৰিবলৈকো চাব গে; তেহে ৰাশিকৃত তথ্যৰ লগত সানমিহলি হৈ থকা কৃষ্ণ-লীলা সম্পৰ্কত বিশুদ্ধ মন্তব্য দিবলৈ সিবিলাকে উজু পাব। কিয়নো, সামাজিক আৰু ৰাজনৈতিক ৰীতিনীতি আৰু দেশাচাৰৰ সাজ-সমল পৰীক্ষা কৰিও ভালেমান পুৰাতত্ত্ব উপলব্ধি কৰা যায়। কাৰ্য্যৰ নিদৰ্শন চাই কাৰণ নিৰ্ণয় কৰা জ্ঞান পদ্ধতি পৃথিবীৰ সুসভ্য দেশত আজি বহুলকৈ প্ৰচলিত। তেনেকুৱা এটা পুৰতনীয়া পদ্ধতিৰ গাত গঢ়িলা লৈ কোৱা যায় যে, পুকালত সুতৰ মুখে ৰাজকীয় আৰু ওপৰশ্ৰেণীৰ সামাজিক লোকৰ বংশাৱলী আবৃত্তিৰ যি দেশাচাৰ প্ৰচলিত আছিল, তাৰ বুকতো কৃষ্ণ-অস্তিত্ব পাকে-পাকে কৰপকাটি সোমাই ৰৈছে। যেনে-ব্যসদেৱৰ প্ৰশিষ্য বৈশম্পায়ণে জন্মেজয় ৰজাৰ সমীপত মহাভাৰত আবৃত্তি কৰাৰ কথা অনেকে জানে। পাণ্ডৱৰ নাতি-নাতি। সেই সূত্ৰতে তেওঁ শ্ৰীকৃষ্ণৰৰ নাতি-নাতি। অৰ্থাৎ, শ্ৰীকৃষ্ণৰ বৈনাই তৃতীয় পাণ্ডৱ অৰ্জ্জুন আৰু সুভদ্ৰাদেবীৰ পুত্ৰ অভিমন্যু; অভিমন্যু-উত্তৰাৰ পুত্ৰ পৰীক্ষিত; পৰীক্ষিতৰ পুত্ৰ জন্মেজয়। সহোদৰা সুভদ্ৰাদেবীৰ নাৰি নাতি সম্বন্ধ-সূত্ৰতে জন্মেজয় শ্ৰীকৃষ্ণৰৰ নাতি-নাতি। এতেকে, কৃষ্ণ-সুভদ্ৰাৰ সম্বন্ধ নিছিঙ্গিলে কৃষ্ণ-জন্মেজয়ৰ সম্বন্ধ ছিঙ্গিব পৰা নাযায়। পুৰুষ-পৰম্পৰাকৈ বংশ গৌৰৰ আবৃত্তি শ্ৰৱন কৰা ৰীতি অনুসৰি, ৰজা জন্মেজয়ে পিতৃপুৰুষ কুৰু-পাণ্ডৱ আৰু শ্ৰীকৃষ্ণৰ কীৰ্তিকলাপৰ আবৃত্তি বৈশম্পায়ণৰ মুখে জন্মে জয়
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৫
অৱয়ব