পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Sole আমি তেওঁক স্বয়ং সৃষ্টিপালক বিষ্ণু যেন জ্ঞান কৰিছে; কিন্তু আমাৰ নিচিনা অঘৰীৰ গাওঁত তেওঁ কিয় যে জনম ললে, তাৰ হে অৰ্থ পোৰা নাই (১)!” সেই কথাত নৰাজে অকণো বিস্ময় নামনি, মাথোন গৰ্গাচাৰ্য্যে ৰামকৃষ্ণৰ নামকৰণৰ সময়ত সিবিলাকৰ সোৱৰণী-কাকতত যি ভাগ্য-গণনা লিপিবদ্ধ কৰি গৈছিল, তাক চমুকৈ এই বুলি ব্যাখ্যা কৰি গোপগগাপিনীবৰ্গক বুজনি দিলে;-হে গোপ-গোপিনীসকল! এই বিষয়ে মোৰ নিজ জ্ঞানেৰে বুজনি দিবলৈ মই নিতান্ত অক্ষম। গতিকে, মোৰ পুত্ৰ শ্ৰীকৃষ্ণৰ জন্ম-পত্ৰিকাত জ্যোতিষী পণ্ডিত গৰ্গাচাৰ্যই গণনা কৰি যি লিখি থৈ গৈছে, তাকে ভাজি কওঁ শুন॥ শ্ৰীকৃষ্ণ যুগে যুগে দেহধাৰণেৰে পৃথিবীত অৱতীৰ্ণ হয়। ইতিপূৰ্বে এ শুৰু, ৰক্ত আৰু গীত বৰ্ণ ধাৰণ কৰিছিল; এতিয়া তেও কৃষ্ণৰূপে অবতীৰ্ণ হৈছে। এওঁ এবাৰ বসুদেৱৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিছিল; সেই আপাহত এওঁৰ আন এটা নাম বাসুদেৱ। ৰূপ আৰু গুণানুসাৰে এওঁৰ অনেক নাম। এওঁ ইহলোকত গোপ আৰু গোসমূহৰ অনল বন্ধন কৰি পৰলোকত তোমালোকৰ অশেষ কল্যাণ সাধন কৰিব। এওঁৰ অসামান্য শক্তিৰ দ্বাৰাই তোমালোকে অনেক বিপদৰপৰা পৰিত্ৰাণ পাৰ্বাহঁক। মমম এওঁক স্বয়ং নাৰায়ণ হেন জ্ঞান কৰে।(২)। ১) আমানত, দশম ২৬ অধ্যা, ১৩ আৰু। (৪) মাগত, দশম , ২৬ জখ্যা, ১২-১৩ মোক।