পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় ছেদ। ৪% গগাবিন্দ (১)। ইত্ৰত ভৰ পাচত, গোপ-উপনিবেশ বৃন্দাবনত অতিবৃষ্টিজনিত ঢলবিপ্লৱৰ যি প্ৰলয় উপস্থিত হৈছিল, তাৰপৰা গোৱৰ্দ্ধনধাৰণ যুগুতিৰে শ্ৰীকৃষ্ণই গো-কুল সমম্বিতে গোপগোপিনীৰ্গক উদ্ধাৰ কৰা অতি অদ্ভুত কাৰ্য্যে সদৌ বৃন্দাবনবাসীক কৃষ্ণমাহাত্মত বিমোহিত কৰে। সেই আপাহতে সিবিলাকে কৃষ্ণভাবত তন্ময় হৈ, তেওঁক ইত্ৰৰ দৰ্পহাৰী ইন্দ্ৰিয়ৰাজৰূপে বৰ্ণনা কৰি, সিবিলাকৰ অন্তৰাসনত পুৰ্বৰ আৰাধ্য ইন্দ্ৰ দেৱতাৰ ঠাইত ভগবান শ্ৰীকৃষ্ণক অভিষিক্ত কৰে। আৰু, সেই অন্তৰ্জতৰ আধ্যাত্মিক ভাব কাৰ্য্যত অভিন্নীত কৰি দেখুৱাবৰ উদ্দেশ্যে নন্দৰাজ প্ৰমুখ্যে বৃন্দাবনৰ মনিষী নেতবৰ্গে প্ৰকাশ্যে এদিন কৃষ্ণযজ্ঞ উৎসৱ পাতে। সেই যৎেসৱ উপলক্ষে সিবিলাকে এটি অৰি স্বৰ্গীয় দৃশ্যৰ অৱতাৰণা কৰি, তাত গোজননী সুৰভি আৰু দেৱতাজননী অদিতিৰে সৈতে দেৱৰাজ ইন্দ্ৰক সুৰলোকৰপৰা এই মৰ্ত্যলৈ অৱতীৰ কৰাই সিসৱৰ মুখে নৰলোকত কৃষ্ণস্তুতিৰ অভিনয় বা ভাও পাতে। সেই উৎসৱত ৰাম-কৃষ্ণই যোগ দিয়া নাছিল; সিবিলাক গোপাল (১) কৃ, অৰ্থত সত্ত্বা, আৰু অৰ্থত পৰমানন; এই দুই অৰ সংযোগত “কৃষ্ণ নামকৰণ হয়। সেই কৃষ্ণই বৃন্দাবনত গোচাৰণ কৰা হেতুকে, অথবা তেওঁ হৃদয়ৰূপ বৃন্দাবনত ইন্দ্ৰিয়পী গগগণৰ নিয়া বুলি, কৃষ্ণৰ অতন নাম ‘গোবি হয়। এই এক আধ্যাত্মিক নাম।