গোৱৰ্ধনধাৰী। কৃষ্ণৰ সমিচাৰ শুনি গোপগোপিনীসকল বিমোৰ হৈ পৰিল। কৃষ্ণক বেজাৰ দিয়াহে নালাগে, তেওঁ কিম্বৰূপে অসন্তোষ পোৰা এফেৰিমান কাম আনে কৰাও সিবিলাকৰ প্ৰাণে নহে। ওপৰত উকিউৱা মনোভাব তকিব নোৱাৰাকৈ হে সিবিলাকে ব্যক্ত কৰি পেলালে। সেই বাবে শ্ৰীকৃষ্ণই বেজাৰ পাইছে বুলি জানি সিবিলাক মৰণাস্তিক হল, আৰু সকলোটিয়ে সমভাৱে সেই বাবে অনুতাপ কৰিবলৈ ধৰিলে। তাৰ পাচত, শ্ৰীকৃষ্ণৰ বল-বীৰ্য আৰু বুদ্ধি-কৌশলৰ বিষয়ে অনাভুৱা অজল গোপগগাপিনীসকলে তেওঁৰ অমানুষিক কৰ্মকাণ্ড আদি দেখি অতি বিস্ময় মানি, নন্দৰাজৰ সমীপলৈ গৈ তাৰ তত্ত্ব অনুসন্ধান কৰিলেগৈ। সিবিলাকে, কৃষ্ণৰ কেঁচুৱা কালৰেপৰা তেওঁ কৰা অদ্ভুত কাৰ্যাৱলী এটি-এটিকৈ স্মৰণ কৰাই, গোপৰাজক এই বুলি সম্বোধন কৰিলে, হে ৰাজণ! আপোনাৰ পুত্ৰ শ্ৰীকৃষ্ণই দেৰতাৰ সাধ্যাতীত যিবোৰ অলৌকিক কাৰ্য্য কৰি আহিছে, তালৈ চাই (গ) শ্ৰীমদ্ভাগৱত মতে ব্ৰজবাসীসকলক মধুৰ বাল্যলীলা দেখুৱাওঁতে ভগবান শ্ৰীকৃষ্ণই মুখ সিংহশিশুৰ দৰে কেতিয়াবা হে, কেতিয়াবা কান্দে! যেনে- কৌমাৰীং দৰ্শয়শ্চেষ্টং প্ৰেক্ষণীয়াং জৌকসাম। কবি হসম্মু বালসিংহাবলোকন?” মাগৱত, তৃতীয় ঋদ্ধ, দ্বিতীয় অধ্যা, ২৮ োেক। (ঘ) হৰিবংশ, বিষ্ণুপৰ্ব, ৭৬ পৰিচ্ছেদ।শ্ৰীকৃত ঈশ্বৰত্ব ভাব গোপবৰ্গৰ মুখে ব্যক্ত হৈ পৰাত তেওঁ এটি মিচিকিয়া হাঁহি মাৰি এই বুলি সমিচাৰ দিলে,-“হে ভীমৰিক্ৰমীসকল! আপোনাসকলে মোৰ প্ৰতি যি অলৌলিক অব ধাৰণা কৰিছে, সি কে আপোনাসকলৰ মনত ৰহি নাযায়; মই আপোনাসকলৰ এজন জাতীয় বাৰ মোন।”
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৩৪
অৱয়ব