পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০০ অন্তৰে-অন্তৰে যি ভাব হিছিল, তাক কথাৰে ব্যক্ত কৰি শ্ৰীকৃষ্ণৰ সাক্ষাতে এই বুলি মন্তব্য প্ৰকাশ কৰিলে, “হে কৃষ্ণ! তুমি ঈশ্বৰেই নে ৰাক্ষসেই, যক্ষই নে গন্ধৰ্বই-তুমি সেই কি নোহোৱা, তোমাক আমি ঈশ্বৰৰ অৱতাৰ স্বৰূপ মানি অন্তৰে সৈতে প্ৰেম-ভক্তি জনাইছো। তুমি আমাৰ পৰম উপকাৰী ত্ৰাণকৰ্তা। তোমাৰ অপাৰ মহিমাত আমি মুগ্ধ! তোমাৰ অলৌকিক লীলা-খেলা চাই আমি তন্ময়।” এই আখ্যা শুনি কৃষ্ণ তবধ লাগিল। ভালেমান পৰ তেওঁ নিটাল মাৰি ৰৈ, এই বুলি ওপৰত উন্নকিউৱা আখ্যাৰ সমিচাৰ দিলে, “আপোনাসকলে মোক ভূত বুলি ভাবক, পিশাচ বুলি লওক, ৰাক্ষস বুলি ধৰক, যক্ষ বুলি ঠাৱৰাওক, গন্ধৰ্ব বুলি মাতক, যি ইচ্ছা তাকে কৰক; কিন্তু মোৰ গাত ঈশ্বৰৰ আখ্যা নিদিব, মোক সততে আপোনা- সকলৰ লগৰে এটা সাধাৰণ মানুহ-সন্তান বুলি জানিব। মোক যদি সঁচাকৈয়ে আপোনাসকলে ভাল পায়, মৰম কৰে, সৰল ভাৱে যদি নোৰ কিবা গুণ হয়, তেন্তে মোক আপোনাসকলৰ লগৰে এজন বুলি ভাবিব; নহলে মই বৰ বেজাৰ পাম

  • (ক) শ্ৰীকৃষ্ণ আৰু গোপ-গোপ্লিীৰ মাজত হোৱা এই কথাবাৰ্তাখিনি হুবহুকৈ

বিষ্ণুপুৰাণৰপৰা ভাঙ্গি তোলা হৈছে। হৰিবংশৰ মতেও শ্ৰীকৃষ্ণই গোপ-গোপিনীবৰ্গক অনেক প্ৰসঙ্গত অনুৰোধ কৰিছিল, তেওঁক সিবিলাকৰ ভিতৰৰ এজনত বাজে কাচিতে। আন বুলি নাভাবিবলৈ। (খ) মহাভাৰতৰ উদ্যোগপৰ এঠাইত কৃষ্ণই এই বুলি কৈছে, “মই কেননা অভূত ৰা অলৌকিক কাৰ্যৰ কৰ্ত্তা নহও, কিন্তু মানুহে কৰিব পৰা সকলো কাম মই কৰিব পাৰে॥”