পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গোৱৰ্ধনধাৰী। ভাব স্বভাৱতে উদয় হল, যেন অদ্ভুত ক্ষমতাশালী অপাৰ অপায়হাৰী বিপদবন্ধু শ্ৰীকৃষ্ণই বাওঁহাতৰ কেঞা আঙ্গুলিৰ মূৰত গোৱৰ্ধনগিৰিক সেই সাতদিন-সাততি দাজি ধৰি ৰাখি বৃন্দাবনবাসীক আশ্ৰয় দান কৰিছিল। সেই আপাহতে শ্ৰীকৃষ্ণক গোৱৰ্দ্ধনধাৰী” বোলা হয়। আৰু, সেই এক অৰ্থতে গোৱনধাৰ” শ্ৰীকৃষ্ণ “গিৰিধৰ” নামেও অভিহিত। (১) অদ্ভুত লৰা শ্ৰীকৃষ্ণৰ অদ্ভুত ক্ষমতা আৰু অতিপ্ৰাকৃতিক কাৰ্য্য- কলাপলৈ লক্ষ্য কৰি বৃন্দাবনৰ গোপগোপিনী আৰু অন্যায় অধিবাসী সকলোৱে ইতিপূৰ্বৰেপৰা বিস্ময় মানি আহিছিল, আৰু তওঁৰ অলৌকিকতাত সিবিলাকৰ বিশ্বাস ক্ৰমাৎ বাঢ়ি গৈ ডাঠ, হৈ উঠিছিল। এতিয়া, সিবিলাকৰ সেই বিশ্বাস অনুযায়ী, দেৱৰাজ ইন্দ্ৰৰ গৰ্ব খৰ্ব কৰি বঙ্গবাসীক মহা প্ৰলয়ৰপৰা উদ্ধাৰ কৰালৈ চাই, বিশেষকৈ গোৱৰ্ধন- গিৰিত অদ্ভুত আশ্ৰম নিৰ্মাণ কৰা কৌশললৈ মন কৰি, শ্ৰীকৃষ্ণ ঈশ্বৰত্ব অৰ্পিবলৈ সিবিলাকে প্ৰকাশ্যে আগ বাঢ়িলে। সিবিলাকে শ্ৰীকৃষ্ণই খনোৱা সেই ঘোঘব। আৰু, গোৰ্ধনৰ পাত বা গুৰিত সেই খাটা ৰেখাটোৰ তলি এনেভাৱে সমলেৰে ৰজিতা খাই মিলি আছে যে, তালৈ ওপৰকৈ মন কৰিলে এনে বোধ হয়, যেন পৰ্বতটো সেইখিনি ঠাইত বহি হে আছে। তাৰপৰাই সম্ভৱত পুৰাণকাৰ আৰু হৰিং ৰচয়িতাই এনে কল্পনা কৰিছিল যে, শ্ৰীকৃষ্ণই সাতদিন সাতবাতি গোৱনগিৰি ৰাওঁহাতৰ কো-আঙ্গুলিৰ মূৰত দলি ধৰি থাকি, উদ্দেশ্য সিদ্ধি হোৱাৰ পাচত আকৌ আগৰ ঠাইত বহুৱাই থলে। (১) (ক) “বতীন্দ্ৰে এ কোপাড়ামানেতি বিহবল। গোত্ৰলীলাতপণ আত অনুগৃহ।” -মাগত, তৃতীয় ব্য, তিীয় অধ্যা, ৩৩ কে। (খ) হৰি, বিপ, ৭ পৰিছে।