উৎপাতৰ গৰাহত পৰি অঘৰী গোপ-গোপিনী আৰু গৰখীয়া লৰা বিলাকৰ বিলাই-বিপত্তিৰ সীমা নোহোৱাত পৰিল। ভালেমান গোপল- ছোৱালী ঠেৰেগা লাগি মুচছ, গণ, অলেখ দমৰাপামুৰি উটি-ভাহি গৈ মহা পয়মাস ঘটিল। মুঠৰ ওপৰত, সেই অকাল-বৰষুণৰ উৎপাতে গোপ-উপনিবেশত প্ৰলয় ঘটোৱাৰ নিচিনা কৰিলে। এনে আপদ কালত গোপ-পৰিয়ালবৰ্গে শ্ৰীকৃষ্ণ দোষাৰোপ কৰা নাই যদিও, মেঘৰ গৰাকী ইন্দ্ৰদেৰতা ৰুষ্ট হোৱাৰ বাবেই সেই অঘটন ঘটিল বুলি অনুতাপ কৰিবলৈ ধৰিলে। সঙ্কেতত সমিধানগ্ৰাহী বুদ্ধিস্বৰ্গ নাৰায়ণৰূপ শ্ৰীকৃষ্ণই গোপবৰ্গ আৰু সদৌ বৃন্দাবনবাসীৰ মনোভাব আৰু আন্তৰিক বেদনা অনুভৱ কৰি সিবিলাকৰ লগত সংবেদনা ব্যক্ত কৰিবলৈ ধৰিলে। সেইবাবে নিজে অনুতপ্ত হৈ উপস্থিত অপায় খবৰ অৰ্থে উপায় উদ্ভাৱন কৰিবলৈ তেওঁ আত্মচিন্তাত নিমগ্ন হল। সেই চিন্তাৰ ফল স্বৰূপ ততালিকে মহাবাহু অগ্ৰজ হলধৰৰে সৈতে শ্ৰীকৃষ্ণই সংসপ্তক নোলক সশস্ত্ৰে লগত লৈ, গে বৰ্ধনগিৰিৰ পদত মেৰাই এখনি অপূৰ্ব আশ্ৰয় ঠাই যুগুত কৰিলেগৈ। সেই সংসপ্তক সেনা বা গৰখীয়া-বাহিনীৰ লগতে সদৌ গোপবৰ্গে লগ লাগি শ্ৰীকৃষ্ণৰ দিহা মতে অৰ্ধচন্দ্ৰাকাৰে গোৰন্ধন সাবটি ধৰা এটা সুবৃহৎ আৰু সুদীৰ্ঘ থেঘৰ একেদিনাই খানি সৃষ্টি কৰিলে (১)। অথন্তৰ গোপ-গগাপিনী- বৰ্গে সিবিলাকৰ লৰা-ছোৱালী আৰু গৰু গাইৰে সৈতে সেই ধোপ; ঘৰত নিৰাপদে বাস কালেগৈ। তেতিয়া সবাৰে মনত এনে এটা (১) যিবিলাক বৃন্দাবনতীৰ্থযাত্ৰীয়ে গোৱনগিৰি নিচেই গা-চাপি চাইছেগৈ, সিবিলাকে দেখিছে যে, সেই শিবিৰ পূব প্ৰান্তৰ ভূমি ধৰি উত্তৰ আৰু দক্ষিণ দুই এতক আকোৱালি ধৰা এটা সুদীৰ লোৱা খাটা ৰেখাৰ চি অদ্যাপি আছে। সেই বেখ, গোৰজনৰ গীত এটা স্বাভাবিক চিন কেন দেখা যায়। সম্ভবত সেয়ে
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৩১
অৱয়ব