সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় হেদ। গোৱৰ্দ্ধনধাৰী। # ইযজ্ঞ ভজা আৰু গোৱৰ্ধনগিৰিত গোযজ্ঞ পতা উৎসৱ পাৰ হৈ যোৱাৰ কিছুমান দিনৰ পাচত, বৃন্দাবনত এটা অকাল-বৰষুণৰ অভাবনীয় উৎপাত উপস্থিত হয়। সাতদিন-সাতৰাতি নেৰানেপেৰাকৈ মৌ-চেপা বৰষুণ পৰি গোপ-উপনিবেশ উটুৱাই নিব লগীয়া কৰিছিল। সেই

  • এই বিষয়ক বৰ্ণনা শ্ৰীমদ্ভাগৱত আৰু আন অটাইবোৰ পুৰাণত প্ৰায় একেদৰেই

লিপিবদ্ধ হৈছে। গতিকে, ইয়াক তেনেই কাল্পনিক বুলি এফলীয়াকৈ থৰ পৰা নাযায়। ইয়াৰ বৰ্ণনা এই পুথিত ঘাইকৈ “বিষ্ণুপুৰাণ” আৰু “হৰিবংশৰ পৰা টুকি লোৱা হৈছে। ভাগৱতৰ বুকৰ বৰ্ণনা ইয়াত বিস্তৰ সোমাইছে যদিও, ভাগৱতৰ বৰ্ণনা অতি বহুল আৰু বেচি বৈজ্ঞানিক বিধব, আৰু তাত অলৌকিকতাৰ মাত্ৰা অত্যধিক। পুৰাণ আৰু হৰিবংশ অটাইবিলাকে সেই অলৌকিকতা একে ভাৱেই ধৰাতে আমি তাক সেইভাৱে গ্ৰহণ কৰিব পৰা নাই। সেই অলৌকিকতা এই যে, উল্লিখিত প্ৰসঙ্গত শ্ৰীকৃষ্ণই গোৱন্ধন পতটো সাতদিন তেওঁৰ কো-আঙ্গুলি এটাৰ ওপৰত তুলি দাঙ্গি ধৰি আছিল আৰু সেই সাতদিনীয়া বৰবৰষুণৰ সময়ত বাৰনৰ সদৌ গোপ-গোপিনী, গৰু-গাই আৰু সিবিলাকৰ পালিত-অশ্ৰিত জীৱ-জন্তুবিলাকৰু তাৰ তলত আশ্ৰয় দিয়া হৈছিল। এই পুথিত সেই অলৌকিকতাৰ যায় এই প্ৰকৃত ঘটনাৰ ওচৰ চাপিবলৈ যত্ন কৰা হৈছে। মহাভাৰতেও শিশুপালৰ মুখে আকৃষ্ণৰ গোন ধাৰণৰ কথা স্বীকাৰ কৰিছে, যদ্যপি শিশুপালে গোন গিৰিক এটা সামান্ত উইহাণুৰ লগত হে তুলনা কৰিছে।