Melo মৎস্য সবাতকৈ পুৰণি। স্বয়ং বেদব্যাসপ্ৰণীত আদি পুৰাণ-সংহিতাৰ অবিহনত আৰু তাৰ পৰবৰ্তী লোমহৰ্ষণিকাৰ অভাৱত বিষ্ণুপুৰাণকে প্ৰথম পুৰাণ বুলি ধৰা হৈছে। হৰিবংশে মহাভাৰতত নোহোৱা কৃষ্ণ- ৰিতৰ যি আদ্যলীলা ছে ৱা যোৰা দি আখ্যান আৰু উপাখ্যানৰে সৈতে কৃষ্ণকাহিনী পূৰ্ণ কৰিলে, বিষ্ণুপুৰাণে তাকে দোহাৰি তাৰ কলেৱৰ পৰিপুৰ কৰে। তাৰ পাচত, ভগৱত-পুৰাণে সেই আদ্যশীলা অংশ অতি বিশুদ্ধ পৰম পৱিত্ৰ পাৰমাৰ্থিক ভাবেৰে পৰিপূৰিত কৰি কৃষ্ণ- চৰিতামৃত পানাৰ্থে জনসাধাৰণৰ মন-প্ৰাণ উত্ৰাৱল কৰে। কৃষ্ণকাহিনী বুকত লোৱা আনকেইখন পুৰাণো এই আদ্যলীলা অংশতে আবদ্ধ। তাৰ ভিতৰত ব্ৰহ্মবৈবৰ্তপুৰৰ বৰ্ণনা সবাতকৈ বহুল। পাণমতে, ব্ৰহ্মবৈবৰ্তপুৰাণ ১৮০০০ হাজাৰ শ্লোকেৰে পূৰ্ণ। তাৰপৰা তাৰ প্ৰণেতা সাবৰ্ণিয়ে নাৰদৰ আগত কৃষ্ণমাহাত্ম্য, ৰথৰকল্প আৰু ব্ৰহ্মবৰাহ কাহিনীৰ আবৃত্তি কৰে। কিন্তু, বৰ্তমান প্ৰচাৰিত, ব্ৰহ্ম বৈৱৰ্তত ৰথৰকল্প আৰু ব্ৰহ্মবৰ হকাহিনী নাই, আৰু সাবণিয়ে নাৰদৰ আগত আবৃত্তি কৰা কথাৰে। উল্লেখ নাই। এতেকে, ই যে মূল- ব্ৰহ্মবৈৱৰ্ত্তপুৰাণ নহয়, আৰু ই যে নিচেই আধুনিক আৰু প্ৰক্ষীপ্ত- পৰিচায়ক তাত সন্দেহ নাই। সি যি হওক, মূল-ব্ৰহ্মবৈবৰ্ত্তত যে কৃষ্ণকাহিনীৰ বহুল আৰু বিশুদ্ধ বিৱৰণ আছিল সি ধুপ; বৰ্তমান বৈৱৰ্ত্ত মাথোন তাৰ অতিৰঞ্জনত প্ৰবৃত্ত। এই গল মহাভাৰত, হৰিবংশ আৰু পুৰাণৰ কথা। এই কেইবিধ আখ্যান, উপাখ্যান আৰু ইতিহাসে কৃষ্ণতথ্য ওপচাই দিছে; ইয়াৰ ওপৰঞ্চি হিন্দুৰ অতি পুৰণি গ্ৰন্থশাস্ত্ৰ (১) বেদ, ব্ৰাহ্মণ, অৰণ্যক, উপনিষদ আৰু (*) Professor Maxmullar's 'History of Ancient Sanskrit Literature. অধ্যাপক মেমূলৰৰ মতে, ব্ৰাহ্মণ, অৰণ্যক, উপনিষদ, মনুসংহিত এই বেদাংশ- বিলাকৰ প্ৰণয়ণ ১০০০ খ্ৰীষ্টপূৰ্বাব্দৰপৰা আৰম্ভ হয়।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১২
অৱয়ব