সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গোযজ্ঞ। ধৰিলে। সেই পূজা-প্ৰসঙ্গীয়া আনন্দৰ সাগৰত উলাহৰ ঢৌ তুলি কৃষ্ণবেণু কেন্দ্ৰৰপে বাজিবলৈ ধৰিলেমৰ বৃন্দাবন স্বৰ্গৰ আমৰাৱতী যেন বোধ হল! শেহদিনা, পূজা-সামৰণত, জগন্মোহন শোভাযাত্ৰা হল। গোপ গৰখীয়াবৃনে নিজ নিজ গৰু-গাই মাহ-হালধিৰে সৈতে নোৱাই-ধুৱাই কপালত ৰজিতা খোৱা মাহৰ ফোঁট দি, শিঙ্গত হালধিৰ ৰহণ সানি, ডিজিত মাখীৰতীৰ মালা পিন্ধাই, হাতেপতি একোডালি দিগতিৰ এছাৰি লৈ গোৱৰ্জন-যাত্ৰাৰ অৰ্থে সাজু হলহি (১); গোপগোপিনীবিলাকে সচিতীয়া সাজপাৰ পিন্ধি-উৰি উলাহেৰে ওলাই আহি উপস্থিত হলহি। গৰখীয়া-বাহিনীয়ে কৃষ্ণবেণুৰ চেৱে-চেৰে-ঠেও ধৰি নাচোন ধৰিলেহি। এনেতে, গুৰি ধৰা হলধৰৰ ৰামশিঙা বাজি উঠিল-কৃষ্ণপদ অনুসৰণ কৰি সুসজ্জিত গৰু-গাইৰে সৈতে সমবেত ব্ৰজবাসীয়ে গোৱৰ্ধনগিৰি প্ৰদক্ষিণ কৰি বিৰাট শশা ভাযাত্ৰা আৰম্ভ কৰিলে।কি যে চকুজুৰোৱা হৃদয়গ্ৰাহী দৃশ্য!—দহ বছৰীয়া এটি নাবালক-নেতাৰ অনুগামী শত-সহস্ৰ আবালবৃদ্ধবনিতা নৰ-নাৰীৰ উলাহিত শশাভাযাত্ৰা (২)। শ্ৰীকৃষ্ণ আজন্ম সমাজনীতিজ্ঞ আদৰ্শ পুৰুষ। শিশু কৃষ্ণৰ স্বাভাবিক ভোজন-প্ৰণালীয়ে (১) বৰ্তমান অসমদেশত বহাগৰ বিহুত এই ৰীতি প্ৰচলিত। (২) মাগৱতে শ্ৰীকৃষ্ণৰ বয়স সেইকালত মুঠেই সাত বছৰ বুলিছে।. হৰিবংশ আৰু বিষ্ণুপুৰাণত তেতিয়া কৃষ্ণ দহবছৰীয়া বুলি বৰ্ণিত হৈছে। কিন্তু, আচলতে দহ বছৰৰ নহয়, এঘাৰ বছৰ হে। কিয়নো, গোকুলৰপৰা বৃন্দাবনলৈ আহোঁতেই শ্ৰীকৃষ্ণ সাতবছৰীয়া; ঘটনাৱলীৰ ক্ৰ ৰিজাই-মিলাই চালে বুজা যায় যে, বৃন্দাবনত চাৰি বছৰমান বাতি কৰাৰ পাচত হে গোৱনশিৰিত গো-যজ্ঞ হৈছিল। এতেকে, সেই সময়ত কৃষ্ণৰ বয়স এঘাৰ বছৰ ধৰিলে হে যুক্তিৰ ওচৰ চাপে।