পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ল; সেই তিনিও দিনত যাৰ যি ইচ্ছা মনৰ জোখায় তোজন কৰি পৰিতুষ্ট হল (১)। লাশীকৈ তিনি ৰাতি বিবিধ নাচ-গীত আৰু নানা তৰহৰ ৰং-ধেমাণিত সদৌ ব্ৰজবাসী আপোন-পাহৰা হল। ৰাশি ৰাশি পূজাৰ নৈবেদ্য গোৱৰ্জনৰ পদত অৰ্পণ কৰা হল; প্ৰকৃতি নন্দন গোৱৰ্জনৰ বক্ষত অচিতে প্ৰতিপালিত প্ৰকৃতিসন্তান বান্দৰ, ভালুক, হৰিণ, মই, মেঠোন, মৰা-মৈৰা, বগ-বগলী, চাকৈচকোৱা, কৰ্চন প্ৰভৃতি বিবিধ পন্থ-পখীয়ে সেই নৈবেদ্য পাৰ্যমানে ভোগ কৰি প্ৰত্যক্ষৰণে প্ৰকৃতিৰ উৰ পৰিপূৰ্ণ কৰিলে (২)। ইফালে, ভোজন সমাপন কৰি আনন্দ-উৎসৰত উৰণীত হৈ লৰা-ছোৱালী বিলাকে হাতে-হাতে ধৰা-ধৰি কৰি মওলাকাৰ হৈ নাচোন ধৰিছে। বোৱাৰী-জীয়াৰী গৃহিনী-গোপিনীৰ্গে জাত-জাতকৈ নাম-কীৰ্ত্তনৰ সুৰত গছৰ পাত খিলি-খিলিকৈ নচুৱাইছে। গোপবিলাকৰ ঐক্যতানৰ হৰি- সংকীৰ্ত্তনৰ হৃদয়গ্ৰাহী ৰাগ-বাগিণী গগণ ভেদি উইছে; ঢল-খোল মৃদাদি বাদ্য আৰু হিয়াভেদী শঙ্খধ্বনিয়ে গোৱৰ্জন গিৰিৰ গাত প্ৰতিধ্বনি তুলিছে। ধূপ-দীপৰ গোন্ধেৰে পৰিমাৰ্জিত হৈ পূজা মন্ত্ৰোচ্চাৰণৰ মোহিনী সুৰত বিমুগ্ধ মানবাত্মা তন্ময় হৈছে! এনে আনন্দৰ উলাহত ভাহি গীতিক বংশীবদন শ্ৰীকৃষ্ণই মোহন-মুৰুলী বাদনেৰে সমবেত মানৱ মণ্ডলীৰ হিয়াত আত্মমন-প্ৰাণ নচুৱাবলৈ (১) হৰিৰণ, বিষ্ণুপ, ৩ পৰিচ্ছে। কফ নিজেও যে অতি ভোজনপ্ৰিয় পুৰুষ আছিল, আৰু অৰ গুণত যে তেওঁ অতি বল লোৰু আছিল, এয়ে তাৰ বিশিষ্ট প্ৰমাণ। (২) কোনো কোনো পুৰামতে পূজাৰ নৈবদ্যাদি একই বহুপ ধাৰণ কৰি ব্যয় ভোগ কৰিছিল। কিন্তু, গোপালৰ ধাৰণামতে প্ৰকৃতিনশন গোন গিৰিয়ে বিবিধ জীৱ-জন্তুৰ জৰিয়তে সেইবোৰ মতৃপ্তিবে উপভোগ কৰিছিল।