পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গৰু-গাই আদিক ভালকৈ খুৱাওক-ধুৱাওক, দুখী-দৰিক অন্ন-বস্ত্ৰাদি বিলাওক। এই হে বিশিষ্ট পূজা; ইয়াৰপৰাহে ই-পৰকালত প্ৰকৃত উপকাৰ পোৱা যাব। এই জীৱলোক কৰ্মৰ ৰাই উৎপন্ন আৰু কৰ্মৰ দ্বাৰাই প্ৰলীন হব লাগিছে। সুখ, দুখ, ভয়, অভয় সকলে নিজ কৰ্ম্মৰ দ্বাৰাই ঘটিব লাগিছে (১)। কৰ্ম্মৰ ফলদাতা যদি কোনোবা থাকে, তেওঁৱো কৰ্তাৰ অনুগামী হৈ হে কৰ্ম্মফল প্ৰদান কৰিব পাৰে। নিজ কৰ্মানুসাৰেই যিলত ফলপ্ৰাপ্তি ঘটে আৰু পুনৰাই পূৰ্বৰ সংস্কাৰ অনুসাৰেই জীৱই কৰ্ম কৰি থাকে, সেই স্থলত তাৰ অন্যথা কৰিবলৈ ইত্ৰৰে ক্ষমতা নাই, আন ৰাৰ সামৰ্থ্য নাই। এতেকে, নেদেখা-ক্ষমতা ইন্দ্ৰৰ দ্বাৰাই মানুহৰ উপকাৰ সাধিত হব বুলি সঠিককৈ কোনোৱে কব নোৱাৰে (২)। প্ৰাণী মাত্ৰেই স্বভাৱৰ অধীন হৈ স্বভাৱানুসাৰেই কৰ্ম্ম কৰে; আন কি, দেৱতা আৰু অৰগণণা স্বভাৱৰ অধীন (৩)।” প্ৰকৃতিপ্ৰাণ নাবালক পুৰুষ শ্ৰীকৃষ্ণৰ শ্ৰীমুখৰপৰা এই জ্ঞানগৰ্ত্ত উপদেশ শুনি নৰাজ আৰু গোপবৰ্গ স্তম্ভিত আৰু মোহিত হল। এই উপদেশ বাক্যে প্ৰত্যেক গোপহিয়া স্পৰ্শ কৰিলে; প্ৰত্যেকেই হাতৰ কাম-বন এৰি মৌনভাব ধৰি তেওঁৰ প্ৰস্তাৱত সম্মতি জ্ঞাপন (১) “কৰ্মণজয়তে জন্তুঃ কমশৈব প্ৰলীয়তে। সুখ, দুঃখং, ভয়ং, কেমং কৰ্মণৈবাভিপদাতে।” শ্ৰীমদ্ভাগত, দশমন্ধ, ২৪ আধা, ১২শ শ্লোক। (২) মাগত, দশম, ২৪ অধ, ১৩-১৪ শ্লোক। (৩) “স্বভাবতম্ৰো হি জনঃ অভাবমনুবৰ্ততে। অভাবমিদং সৰ্বং সমানুষং।” -মাগত, দশম, ২০ খ্যা, ১৫শ লোক।