ইযজ্ঞ। খাই আমাৰ গাইবিলাকে বল শক্তি পায়; সেই গাইৰ গাখীৰেৰে যুগুত কৰা কাৰ, দৈ, নৰনি, মাখন, ঘিউ আদি সোৱা আৰু পুষ্টিকৰ আহাৰ খাই আমি শক্তিবান হওঁ। এতেকে, মানুহ আৰু জীৱ-জন্তু আদিৰ পৰম উপকাৰী ইন্দ্ৰ আমাৰ পৰম পূজনীয় দেৱতা। সেই কাৰণে, আমি বছৰি এই আজৰি বতৰত সেই দেৱৰাজক এভাগি ৰাজহুৱা পূজা দিওঁ। এতিয়া তাৰ নিমিত্তই এই আয়োজন। কৰা হৈছে।” (১) সেই উত্তৰৰ প্ৰত্যুত্তৰত শ্ৰীকৃষ্ণই উপস্থিত গোপসকলক কথাৰ ছেলতে এই বুলি বুজনি দিলে, “আপোনাসকলৰ এই ধাৰণাত বিশেষ ভুল আৰু ভ্ৰান্তি আছে যেন লাগে। আমি খেতিয়কো নহওঁ, বেপাৰীও নহওঁ; আমি হাবিয়ে-বনে বসতি সলাই ফুৰা এবিধ অঘৰী জাতীয় পমুৱা মানুহ। গতিকে, খেতিৰ উপযোগী বৰষুণৰ আমাৰ বিশেষ প্ৰয়োজন নাই। এতেকে, সেই বৰষুণ দিওঁতা মেঘ আৰু তাৰ গৰাকী ইন্দ্ৰক পূজিবৰে। আমাৰ বিশেষ সকাম নাই। প্ৰকৃতপক্ষে জাবি, বন, পৰ্বত, আৰু ঘাইকৈ গো-ধন হে আমাৰ পৰম উপকাৰী; আমি এইবোৰ হে পূজা কৰা উচিত। বিশেষত, যাৰপৰা প্ৰত্যক্ষ উপকাৰ পোৱা যায়, তাক পূজা কৰি যিমান লাভ কৰা যায়, আন কোনো নেদেখা-জনক উপকাৰী ভাবি পূজিলে সিমান লাভ কৰিব পৰা নাযায়। আৰু আমাৰ পূজাৰ উপকৰণাদি যি দেখাদেখিকৈ ভোগ কৰিব, সিহে তাৰ প্ৰকৃত গৰাকী। এতেকে, আপোনাসকলে ইন্দ্ৰষজ্ঞৰ সলনি বৃন্দাবনৰ বনৰজাম্বৰূপ গোবৰ্ধনগিৰিক পূজা কৰক, (১) (ক) বিষ্ণুপুৰাণ, পঞ্চম খণ্ড, পঞ্চম পৰিচ্ছে। (খ) শ্ৰীমন্তাগৱত, দশম স্কন্ধ, ২৫ আধ্যা, — লোক। (গ) হৰিবংশ, বিষ্ণুপৰ্ণ, ৩১ আখ্যা।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১২৪
অৱয়ব