পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯০ যোগীয়ে পুনৰায় যোগত তন্ময় হোৱাৰ দৰে, আৰু পাৰত উঠি জিৰোৱা ৰাজহংসই পুনঃ পানীত নামি গহীন হোৱাৰ গতেৰে, সাগৰেও যেন আত্ম-তনু ক্ষয় কৰি, বৰূপে আকাশলৈ উঠি, তাতে মেথ হৈ পুনঃ বৃষ্টিৰপে পৃথিবীলৈ নামি, আপুনি আপোনাতে মিলি প্ৰশান্ত মূৰ্তি ধাৰণ কৰিছে। যোগীয়ে যোগাগ্নিৰে সৈতে ক্লেশ দাহন কৰি ঘিৰপে অপোনাৰ মন নিৰ্মল কৰে, শৰতৰ আকাশেও সেইপে আপোন শোভাৰ জেউতিৰে মেঘৰ ঢাকনি আতৰাই থৈ নিৰ্ম্মলৰূপ ধাৰণ কৰিছে। এনে সুখ-শান্তি-জিৰণিৰ পুণ্যপয়োৰ শীতল শৰৎ ঋতুৰ আৰম্ভণত ব্ৰজৰ গোপ-গোপিনীয়ে পুৰ্ব্বাপৰ প্ৰচলিত নীতি অনুসাৰে ইযজ্ঞৰ মহানুষ্ঠানলৈ বিশেষ মনোযোগেৰে আগ বাঢ়িছে। ছেগতে লগৰীয়া গৰখীয়াবৃন্দৰে সৈতে পৰিবৃত হৈ ৰামকৃষ্ণ বয়সীয়া ব্ৰজগোপসকলৰ সেই বিষয়ক সামাজিক আলোচনা আৰু আয়োজন মাজত সোমাল হি। (১) শ্ৰীকৃষ্ণই অতি সৰলভাৱে পো-প্ৰথমে গোপপতি নন্দৰাজত এই বুলি সুধিলে, “পিতাদেৱ! আপোনাসকলে নো আজি এইবোৰ কিহৰ নিমিত্তে আয়োজন কৰিছে?” (২) নন্দৰাজে এটি আনন্দৰ হাঁহি মাৰি এই বুলি সমিচাৰ দিলে, “বোপা! এইবোৰ আয়োজন ইযজ্ঞৰ নিমিত্তে হৈছে।” কৃষ্ণই পুনৰপি প্ৰশ্ন কৰিলে, “পিতা, ইয়াৰ নো উদ্দেশ্য কি?” সেই প্ৰশ্নৰ উত্তৰত নন্দৰাজ আৰু অন্যান্য মুপিয়াল বয়সীয়া গোপসকলে এই বুলি চমুকৈ ব্যাখ্যা দিলে, ইন্দ্ৰদেৱতা মেঘৰ গৰাকী; তেওঁৰ ইচ্ছানুসৰি মেবে বৰষুণ দিয়ে। সেই বৰষুণে ঘাঁহ-বন আৰু শস্যাদিক জীপ দিয়ে। সেই ধাঁহ-বন (১) বিষ্ণুপুৰাণ, পঞ্চম খণ্ড, পঞ্চম অধ্যাৰ বিস্তাৰিত বৰ্ণনাৰপৰা তোলা টোকা। (২) হবিং, বিষ্ণুপ, ৭১ অধ্যা।