নমহেদ বকাসুৰ বধ। শ্ৰীকৃষ্ণ সততে উদ্দেশ্যশীল। উদ্দেশ্যবিহীন হৈ তেওঁ কেতিয়াও কলৈকো নোলায়। নিতৌ তেওঁ গৰু চৰাবলৈ যায়, নিতে তেওঁ একোটা উদ্দেশ্য সাধন কৰে। তাৰে গিতিয়াল গোটাদিয়েকৰ কথা আগেয়ে কৈ অহা হৈছে, আৰুগোটাচেৰেকৰ বিষয়ে কৰলৈ ধৰা হৈছে। আগৰ দৰেই এদিন লগৰীয়া গৰখীয়াবৃন্দৰে সৈতে ৰামকৃষ্ণ গৰু চৰাবলৈ গল। সেই দিন কিন্তু, কৃষ্ণৰ লক্ষ্য দূৰৈত ৰৈছিল। আন দিনাৰ দৰে সেই দিনাও শ্ৰীকৃষ্ণই আজ বলৰাম আৰু আন- বিলাক গৰখীয়াৰে সৈতে লগলাগি নানা তৰহৰ ৰং-ধেমালি কৰি গৰু চৰাই যাবলৈ ধৰিলে; সেই দিনা কিন্তু একে ঠাইতে নহয়, গৰুজাক কমাৎ আগুৱাই লৈ যোৰা হৈছিল। যাতে যাওঁতে, সেই দিন কৃষ্ণই গৰখীয়াক এৰি গৰুৰ লগত হে ওমলা হল। কেতিয়াবা তেওঁ দুহাতে দুই-এটা পোৰালি ধৰি উৰুৱাই নিয়াদি নি আগুৱাই নিয়ে, পিচে পিচে গাইবোৰ হেম্বেলিয়াই ঢপলিয়াই খেদি যায়, জৰ চাপিলে কৃষ্ণই নিজে পোৱালি হৈ উলটি সেই গাইক পিৰলৈ ধৰে। কেতিয়াবা জনীদিকে গাই ইয়াকটাই লৰাই নি এৰি দিয়েগৈ, ইফালে উলটি আহি কৃষ্ণই পোৱালিৰ দৰে হেন্বেলিয়াবলৈ ধৰে, আৰু গাইবোৰ ঢপলি- মাই আহোতে আটতে ধৰি কচুপাতৰ খোত গাখীৰ খিৰাই লৈ নিজেও খায়, লগৰীয়াকে খুৱায়। যাওঁতে যাওঁতে, ব’ত দুবৰি বনে চামনি মাৰি ধৰা নিজ খল পায়, তাত লগৰীয়াৰ ডিজিত ধৰি মাটিত
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১১৫
অৱয়ব