পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

96 গৰখীয়াৰে সৈতে যোবা পাতি লৈ, গছৰ ছাৰ পৰিধিৰপৰা গছৰ গুৰি কেন্দ্ৰলৈ একে চিপতে আটাইবিলাকে লৰিবলৈ ধৰিলে। কৃষ্ণৰ যোবা আটাইতকৈ আগ হৈ কেন্দ্ৰত চাপিলগৈ। লম্বৰ দোষত ৰামৰ বোৰা আটাইতকৈ পিচ পৰিল। গতিকে, সেই ধেমালিৰ বন্ধা নিয়ম অনুসৰি, এলষই ৰামক কানত তুলি লৈ লৰি গৈ গছৰ ওচৰ পোৱাবগৈ লগা হল। সেই নিয়ম পালিবলৈ প্ৰলম্বৰে সৈতে ৰাম উলটি গৈ আকৌ লৰ আৰম্ভণৰ সীমনাত উপস্থিত হলগৈ। ইফালে কৃষ্ণৰে সৈতে অন আটাইবিলাক লগৰীয়া লৰা আগবাঢ়ি আহি গছৰ ওচৰ চাপিলেহি। সিফালে প্ৰলম্বই ৰামক কানত তুলি লৈ গছৰ গালৈ লৰি অহাৰ ছলতে নিজানে নিজানে ইয়াকাটি হাবিৰ ফালেহে লৰিলৈ ধৰিলে। গতিক বিষম দেখি, বামে আতুৰ ভাৱে কৃষ্ণ কৃষ্ণ” বুলি ৰিঙিয়াবলৈ ধৰিলে। ৰামৰ ৰিঙি না মাত্ৰে কৃষ্ণই বায়ুবেগে লৰি গৈ এলম্বক অগচি ধৰিলেগৈ। কৃষ্ণক আগভেটা পাই প্ৰলম্বৰ গতি ৰোধ হল। তাৰ পাচত, কৃষ্ণই ৰামক নিজ শক্তিলৈ মনত পেলাই দি এই বুলি সঙ্কেত দিলে, “ককাইদেও! কি চাই আছা, আঁঠু-চেপা দি ধৰি হাতেৰে ভুকুৱাই পাষণ্ডৰ মূৰৰ খোল ভাঙ্গি নেপেলল কিয়?” কৃষ্ণৰ উদগানি পাই ৰামৰ চেতনা উপজিল। তেওঁ অনুজ কৃষ্ণৰ সঙ্কেত অনুসৰি সেই শত্ৰুৰ মূৰৰ খোল ভুকুৱাই ভাজি পেলালে; প্ৰলয় জিভা মেলি মাটিত দীঘল দি পৰিল, আৰু সেই অৱস্থাতে তাৰ মৃত্যু হল (১)। প্ৰলম্বৰ লগতে বৃন্দাবনত ৰামকৃষ্ণৰ নৰশক্ত সমূলঞ্চে নাশ হল। যি থাকি, সি হিংস্ৰক জৰ মাজত হে ৰল। সেইবোৰকো এট-এটাকৈ নিপাত (১) (ক) বিপুৰাণ, পঞ্চম খণ্ড, পৰিছে। () ভাগবত, দশম, ১শ অ্য, ১৫-১৮ ডোক।