পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ। বেদবাক্যৰ সূক্ষ্মতত্ত্ব উপলব্ধি নোহোৱাৰ কাৰণে সকাম পুৰুষৰ অন্তৰত ভগৱানৰ প্ৰতি একনিষ্ঠা বুদ্ধিৰ সম্যক্ উদয় নহয়। বেদোক্ত অগ্নিহোতাদি ক্ৰিয়াকলাপ চিত্তশুদ্ধিৰ অৰ্থে হোৱা হে কৰ্তব্য, অৰ্গাদি ভোগাৰ্থে হোৱা অনুচিত। নিষ্কাম পুৰুষে সেই ক্ৰিয়া-কলাপেৰে চিত্তশুদ্ধিৰ দ্বাৰাই আত্মতত্ত্বজ্ঞান লাভ কৰে (১)। এই জটিল বিষয়ৰ বিশদ ব্যাখ্যা শুনোৱাৰ অভিপ্ৰায়ে ভগৱান শ্ৰীকৃষ্ণই ঘুৰিবাৰ অৰ্জুনক এই বুলি সম্বোধন কৰিলে, “হে পাৰ্থ! সুবিচাৰ আৰু সধিবেচনাশূন্য লোকে বেদোক্ত কৰ্মকাণ্ডৰ কথা যি ভাৱে গ্ৰহণ কৰে, সি ৰঙা মদাৰ ফুলৰ ৰূপগ্ৰহণৰ তুল্য হে। যিবিলাক বৈদিক ফলশ্ৰুতিৰ অনুগামী, বেদোক্ত ক্ৰিয়া-কলাপত ফললাভৰ আশা যাৰ প্ৰৱল, যি স্বৰ্গলাভ সুখৰ বাহিৰে বেদবাণীত আন উদ্দেশ্য নাৰাথে সিবিলাক কামনাযুত সকামপুৰুষ। ভোগ আৰু ঐশ্বৰ্য্যত অনুৰক্ত এই সকামপুৰুষৰ অন্তত একনিষ্ঠাৰূপ সমাধি, অৰ্থাৎ নিশ্চয়াত্মিকা বুদ্ধি সম্যক উদয় নহয় (২)। (১) কৃষ্ণানন্দস্বামি ব্যাখ্যাত গীতাৰ্থ সন্দীপনী; গীতা,২য় আধ্যা, ৪২-৪৪ কে। (২) গীত, ২য় অধ্যা, ৪২-৪৪ শ্লোক। “যামিমাং পুষ্পিতাং বাচং প্ৰবদন্ত্যবিপশ্চিত। বেদবাদৰঃ পাৰ্থ নাস্তীতিদিন।* ০২ কামাত্মনঃ বগপৰ জন্মৰ্গফলপ্ৰদাম। ক্ৰিয়াবিশেষবহুলাং ভোগ্যগতি প্ৰতি। তোগৈ এসঞ্জানাং ওয়ছিপহৃতচেতা। বাবাৰাত্মিকা বুদ্ধি সমাৰৌ ন বিধীয়তে।