পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২। আধ্যা। নিষ্কাম কৰ্ম্মযোগ। আত্মজ্ঞান ব্যাখ্যান শুনি অৰ্জুনৰ সম্যক্ চেতনা হোৱা নাই যেন জনি, ভগৱান শ্ৰীকৃষ্ণই তেওঁক পৰমাত্মতত্ত্বজ্ঞান আয়ত্ত কৰাবৰ অৰ্থে নিষ্কাম কৰ্মযোগৰ ব্যাখ্যা শুনাবলৈ পুনৰপি এই বুলি আৰম্ভ কৰিলে, “হে পাৰ্থ! তোক আত্ম-তত্ত্ব আৰু কৰ্তব্য-জ্ঞানৰ উপদেশ যি হয় শুনালো, এতিয়া কৰ্ম্মযোগ ব্যাখ্যা কৰোঁ, শুনিব॥ ইয়াক আয়ত্ত কৰিব পাৰিলে, কৰ্মবন্ধৰপৰা তুমি মুক্ত হবা। এই ব্যাখ্যাত নিষ্কাম কৰ্ম্মযোগৰ ব্যাখ্যা কৰা হব। এই নিষ্কাম কৰ্ম্মযোগৰ ফল কেতিয়াও নেহেৰায়। ইয়াত পাপৰ সঞ্চাৰ নাই, এই মহাধৰ্মৰ যৎকিঞ্চিৎ লাভ হলেও মহাভয়ৰপৰা ৰক্ষা পোৱা যায়। হে কুৰুনন্দন অৰ্জ্জুন! এই কৰ্ম্মযোগত কেৱল আত্মতত্ত্বনিশ্চয়াত্মিকা বুদ্ধি থাকে, সকাম কৰ্মযোগি- গণৰ বুদ্ধি বহুশাখাবিশিষ্ট হয়, আৰু সি অনন্তৰূপ ধাৰণ কৰে। সকাম আৰু নিষ্কাম কৰ্ম্মৰ বিভিন্নতা এই যে, সকাম কৰ্ম্মৰ অনুষ্ঠানত ফললাভৰ অশঙ্কা বলৱৎ থকা হেতুকে বুদ্ধি চঞ্চল আৰু বিবিধ ভাৱনাত বিয়াকুল হয়; কিন্তু নিষ্কাম কৰ্ম্মানুষ্ঠানত ভগৱান্নিষ্ঠা হেতুকে বুদ্ধিৰ নিৰ্মলতা আৰু একাগ্ৰতা বৃদ্ধি পায়, আৰু সেই নিৰ্মল বুদ্ধি তত্ত্বজ্ঞানৰ অনুগামিনী হয়।” (১) (১) গীতা, ২, আধ্যা, ৩৯১ সোক।