পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭। আধ্যা।

কুৰুক্ষেত্ৰলৈ শ্ৰীকৃষ্ণৰ পুনৰাগমন।

 কৰ্ম্মাৱতাৰ শ্ৰীকৃষ্ণদেৱে কৰ্ম্মছেদত উশাহ এৰে, কিন্তু আকৌ উশাহ সলাবলৈ আজৰি নাপায়। এটা চিন্তাৰ পাৰ পাওঁতে-নাপাওঁতেই তেওঁক আন এটা চিন্তাই পায়হি। এটা কাৰ্য্যৰ সামৰণি পৰোঁতে নপৰোঁতেই তেওঁ আন এটা কাৰ্য্যত হাত দিব লগাত পৰে। এটা সমস্যা পাৰ হওঁতে-নহওঁতেই তেওঁৰ আগত আন এটা সমস্যা উপস্থিত হয়হি। সুদূৰৈ শোণিতপুৰত হৰিহৰ-ৰণত দুৰ্জ্জয় বাণ ৰজাক জয় কৰি আহি দ্বাৰকাত উষা-উদ্বাহ ক্ৰিয়া সম্পাদন কৰি উঠোতে-নোঠোতেই পাণ্ডৱ-শিবিৰৰপৰা আহি কুৰুক্ষেত্ৰলৈ তেওঁত পুনঃ আহ্বান পৰিলহি। শ্ৰীকৃষ্ণৰ দিহা-পৰামৰ্শ মতেই তেতিয়ালৈকে কুৰুক্ষেত্ৰ-মহাৰণৰ আৰম্ভণ হোৱা নাই, শ্ৰীকৃষ্ণৰ অবিহনে ধৰ্ম্ম-যুধিষ্ঠিৰে ৰণ-আৰম্ভণৰ আজ্ঞা নিদিয়ে। কিন্তু আনহাতে শত্ৰুপক্ষৰ আস্ফালন অসহনীয় হৈ উঠিছে, কৌৰৱে অবাচ্য বচনেৰে পাণ্ডৱৰ ক্লীৱতা বৰ্ণাই সিবিলাকক গৰিহণা দিব লাগিছে। আন কি, বিনাযুদ্ধে জয়লাভ ঘোষণা কৰিবলৈ কৌৰৱ পক্ষ উত্তাল হৈ উঠিছে। এনে অৱস্থাত, উপায়ন্তৰ হৈ, শ্ৰীকৃষ্ণৰ সমীপলৈ কটকী পাচিব লগা হোৱাত, ধৰ্ম্মৰাজ যুধিষ্ঠিৰে অগত্যা কনিষ্ঠ পাণ্ডৱ এজনক দ্বাৰকালৈ পঠিয়ালে। কুৰুক্ষেত্ৰণৰ সৰা তেওঁৰ মনত সততে জাগৰিত হৈছিলেই পাণ্ডৱ কটকীৰ মুখে সেই উপস্থিত সমস্যাৰ বিষয়ে অৱগত হৈ কৃষ্ণদেৱে অনতিপলমে কুৰুক্ষেত্ৰলৈ যাত্ৰা কৰিলে।