পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০৮
শ্ৰীকৃষ্ণ।
 

যথাসময়ত কৃষ্ণ পাণ্ডৱ শিবিৰত প্ৰত্যাগত হলহি। শ্ৰীকৃষ্ণৰ উপস্থিতিত পাণ্ডৱ পক্ষীয় প্ৰত্যেক যোদ্ধাৰ প্ৰাণ নতুন সাহ নতুন বল নতুন আশাত উদ্দীপ্ত হল। ডবা, ঘণ্টা, শঙ্খ, বীণা, বংশী পাঞ্চজন্য বাদনৰ ধ্বনিৰে কৃষ্ণ-প্ৰত্যাগমন সংবাদ নিনাদিত হল। তাৰ পাচত, পাণ্ডৱ চতুষ্টয় আৰু দ্ৰুপদ, বিৰাট, সাত্যকি প্ৰমুখ্যে পাণ্ডৱ পক্ষীয় প্ৰধান সেনাপতি সকলৰে সৈতে সকৃষ্ণ পৰামৰ্শ কৰি যুদ্ধকৰ্ত্তা ধৰ্ম্মৰাজ যুধিষ্ঠিৰে কুৰুক্ষেত্ৰৰ মহাৰণ যথাবিধি ঘোষণা কৰিলে। সেই অনুসৰি, পাণ্ডৱ সাৰথি শ্ৰীকৃষ্ণদেৱৰ দিহামতে ৰণ-আহ্বানাৰ্থে কৌৰৱ শিবিৰলৈ দূত প্ৰেৰিত হল। তাৰ লগে লগে ইফালে কুৰুক্ষেত্ৰ-যুদ্ধ-যাত্ৰালৈ পাণ্ডৱবাহিনীয়ে সষ্টম হবলৈ ধৰিলে।

 ৰণপণ্ডিত শ্ৰীকৃষ্ণদেৱৰ দিহামতে পাণ্ডৱবাহিনী (১) এই সাত জন সেনাপতিৰ অধীনত বিভক্ত হল; যেনে—দ্ৰুপদ, বিৰাট, সাত্যকি, ধৃষ্টদ্যুম্ন, চিকিতন, শিখণ্ডী আৰু ভীম। ইবিলাকৰ ভিতৰত দুৰ্জ্জয় যোদ্ধা ধৃষ্টদ্যুম্বক সবাতোঘাই সেনাপতি আৰু মহাবাহু ভীমসেনক দুৱলীয়া ঘাই সেনাপতিৰ বাব দিয়া হয়। উল্লিখিত সাতজনৰ নামনাচত অজেয় যোদ্ধা অমিত তেজস্বী সুভদ্ৰানন্দন কৃষ্ণভাগিন অৰ্জ্জুনতনয় অভিমন্যু; পঞ্চপিতৃ পঞ্চপাণ্ডৱৰ সমতুল্য বীৰ দ্ৰৌপদীৰ পঞ্চনন্দন প্ৰতিবিন্ধ্য, শুতসোম, শ্ৰুতকৰ্ম্ম, শতানিক, শ্ৰুতসেন। আৰু মহাবল পিতৃ ভীমসেন সদৃশ অদ্ভুত বীৰ হিড়িম্বনন্দন ঘটোৎকচ এই সাতজন পালি সেনাপতি ওপৰত আঁচি অহা সাত ভাগ পাণ্ডৱবাহিনীত ভাগে ভাগে যথাযোগ্যৰূপে নিয়োজিত হয়। স্বয়ং শ্ৰীকৃষ্ণ-সাৰথিযুত মহাৰথ অৰ্জ্জুন দ্বৈৰথ যুদ্ধৰ অৰ্থে আচুতীয়া হৈ ৰয়।


(১) মহাভাৰত, ভীষ্মপৰ্ব্ব, কুৰুপাণ্ডৱৰ যুদ্ধ-সজ্জা আধ্যা।