পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০৬
শ্ৰীকৃষ্ণ।
 


ভাৰতবৰ্ষৰ অতিপূবৰপৰা অতিপছিমলৈ শৈৱ-বৈষ্ণৱৰ প্ৰতিপত্তি বিস্তাৰিত হওক৷’’

 যাদৱৰাজ আহুকৰ উপদেশ শিৰধাৰ্য্য কৰি, ভগৱান শ্ৰীকৃষ্ণদেৱে অনতিপলমে উষা-উদ্বাহ আৰু তাৰ আনুষঙ্গিক প্ৰস্তাবিত বিবাহক্ৰিয়া সম্পাদন কৰি সদৌ দ্বাৰকাবাসীৰ মনোৰঞ্জন কৰিলে। ইত্যৱকাশত অদ্ভুত কৰ্ম্মবীৰ আদৰ্শ পুৰুষ শ্ৰীকৃষ্ণদেৱে কৰ্ম্মময় জীৱনৰ একাধ্যা সামৰি উশাহ সলাবলৈ এটি ছেগ গ্ৰহণ কৰিলে। সদৌশেহত, সকলো শুভকাৰ্য্য সম্পাদনৰ অন্তত, উষাদেৱীৰ প্ৰাণসখী বুদ্ধিমতী বিচিত্ৰা চিত্ৰলেখাই এটি বিচিত্ৰ বিচ্ছেদৰ ছেদ আঁকি থৈ, দ্বাৰকাৰপৰা স্বস্থান শোণিতপুৰলৈ প্ৰত্যাগমন কৰিলে। স্নিগ্ধ উষা-জেউতিৰ প্ৰভাৱত দ্বাৰাৱতী শান্তিধাম যেন শাঁত হল। (১)



(১) “হৰিবংশ’’ ১৮৪ আধ্যা৷