পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বাৰকাত উষাদেৱী।
৬০৫
 

অদ্ভুত আৰু অসাধাৰণ ৰণকৌশলী মহাবল ভূতাত্মা শ্ৰীহৰি যদুমণি শ্ৰীকৃষ্ণদেৱে ‘হৰিহৰ-ৰণ’ৰ সামৰণত কিৰূপে সাম্যমূৰ্ত্তি ধাৰণ কৰিছিল, তাৰ স্বৰূপ বৰ্ণনা শ্ৰৱণ কৰি সভাস্থ সমস্ত সামাজিক লোক স্তম্ভিত আৰু পুলকিত হল। তাৰ পাচত, যাদৱৰাজ মহাবাহু আহুকে আনন্দ-উলাহত উৰলীকৃত প্ৰাণেৰে সদৌ যাদৱবৰ্গ আৰু দ্বাৰকাবাসীৰ হৈ অশেষ ধন্যবাদ প্ৰদান কৰি মহাদ্যুতি শ্ৰীকৃষ্ণদেৱক এই বুলি সম্বোধন কৰিলে,-“হে যদুসিংহ! তুমি সুদুৰৈ মায়াপুৰ কামৰূপৰ অন্তৰ্গত শোণিতপুৰলৈ যৎসামান্য ৰণবলেৰে যাত্ৰা কৰি, অক্ষয় ৰণবলসম্পন্ন দুৰ্জ্জয় বাণ ৰজাক জয় কৰি, কুমাৰ অনিৰুদ্ধক উদ্ধাৰ কৰি নিৰ্ব্বিঘ্নে প্ৰত্যাগত হোৱা দেখি আমি সকলোটিয়ে স্বৰ্গসুখ অনুভৱ কৰিছোঁ, আৰু তোমাৰ গৌৰৱত গৌৰৱান্বিত হৈছোঁহঁক। এতিয়া শুভদিনত,শুভক্ষণত, শুভলগ্নত তোমাৰ নাতি-কোৱঁৰ প্ৰদ্যুম্ননন্দন অনিৰুদ্ধ কুমাৰৰে সৈতে অনুপমা সুন্দৰী বাণনন্দিনী উষাদেবীৰ উদ্বাহ উপলক্ষে মহোৎসৱৰ আয়োজন কৰাঁ। অৱশ্যে, ইতিপূৰ্ব্বতে গান্ধৰ্ব্ব আৰু বীৰ্য্যাক্ষ বিবাহৰ দ্বাৰাই কুমাৰ-কুমাৰীক দাম্পত্য সুত্ৰেৰে বিধিবদ্ধ কৰা হৈ গৈছে; তথাপি লোকৰঞ্জনাৰ্থে দেশাচাৰ অনুসৰি উদ্বাহক্ৰিয়া সম্পাদন কৰি সদৌ দ্বাৰকাবাসীক অনুপম আনন্দ উপভোগ কৰিবলৈ এটি সোণাময় ছেগ দিয়াটো একান্ত বাঞ্ছনীয় বোধ কৰোঁ। লগতে ইয়াকো প্ৰস্তাৱ কৰোঁ যে, উষাসঙ্গিনী মহাভাগ কুম্ভাণ্ডৰ জীয়াৰী প্ৰজ্ঞা সুন্দৰীক শাম্ব কোৱঁৰলৈ বিবাহ দি, বাকী উষাসহচৰী শোণিতপুৰীয়া কুমাৰীসকলক যথাযোগ্যানুসাৰে যাদৱ কোৱঁৰ সকলৰে সৈতে বিধিমতে বিবাহিতা কৰা হওক। তোমাৰ কুললক্ষ্মী নাতি-বোৱাৰী উষাদেৱী সখী পৰিবৃতাকৈ শোণিতপুৰৰ মহাভৈৰৱী শিৱানী দেৱীৰ দ্বাৰাই প্ৰেৰিত হৈছে; গতিকে প্ৰস্তাবিত উদ্বাহ সম্পাদনেৰে “হৰিহৰ-ৰণ’’ৰ পৰিণাম স্বৰূপ শৈৱ-বৈষ্ণৱ সম্মিলন সংঘটিত হওক; আৰু তদ্দাৰাই এই