পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০৪
শ্ৰীকৃষ্ণ।
 

কন্যাযাত্ৰী সমন্বিতে বাসুদেৱ, বলদেৱ, প্ৰদ্যুম্ন, সুপৰ্ণ এই সকলে গৰুড়- বাহনৰপৰা অৱৰোহণ কৰি সিবিলাকক সংপ্ৰীতি আলিঙ্গন প্ৰতিদান দিলেহি। ইতিমধ্যত, দৈৱকী, ৰেৱতী, ৰুক্মিণী, মায়াৱতী প্ৰমুখ্যে পুৰনাৰীবৰ্গে শান্তিসঞ্চাৰক মিলিত মাঙ্গলিক উৰুলিধ্বনিৰে গগণ নিনাদিত কৰি যথাবিধি বৰ-কন্যাক অন্তঃপুৰলৈ আদৰি নিলেহি। জয়ে-জয়ে মাতৃশাহু প্ৰদ্যুম্নপত্নী মায়াৱতীয়ে চেনেহৰ পো-বোৱাৰী উষাদেৱীক আপোন কক্ষলৈ আদৰি নি মহাৰ্হ ৰত্নৰাশি আৰু বিচক্ষণীয়া সাজ- সমলেৰে যথাৰীতি সৎকাৰ কৰিলেগৈ। তাৰ পাচত, পিতামতী-শাহু ৰুক্মিণীদেৱী, প্ৰপিতামহী-শাহু দৈৱকীদেৱী প্ৰমুখ্যে যাদৱী পুৰনাৰীবৰ্গৰ ঘাই-ঘাই সকলে ভাগে-ভাগে আৰু মানে-মানে আদৰুৱা ন-বোৱাৰী অনুপমা সুন্দৰী উষাদেৱীক দেশাচাৰ আৰু ধৰ্ম্মাচাৰ অনুসাৰে সৎকৃতা কৰি পৰম প্ৰীতি অনুভৱ কৰিলে। সদৌশেহত সখীসকল আৰু পুৰনাৰীগণে আচাৰানুগত মঙ্গল-বিধানেৰে আদৰৰ ন-বোৱাৰী শোভনা উষাদেৱীক যথাসৎকাৰ কৰি সুগহীন গমনেৰে অগ্ৰসৰ কৰাই নি, সকলোটিয়ে আনন্দত উৰুলীকৃত হৈ কুমাৰ অনিৰুদ্ধৰ ভৱনত প্ৰৱেশ কৰালেগৈ। (১)

 উষা-আদৰণীৰ পিচদিনা যাদৱ ৰাজচৰাত যথাৰীতি মহা সমাৰহেৰে জ্ঞাতি-মেল বহিল। মেলত কৃষ্ণাগ্ৰজ বলৰাম, কৃষ্ণনন্দন প্ৰদ্যুম্ন আৰু দেৱৰ্ষি নাৰদৰ মুখে সহস্ৰ অস্ত্ৰধাৰী মহাসুৰ ভৈৰৱভক্ত ভৈৰৱীনন্দন (২) হৰসদৃশ, বীৰ্য্যৱন্ত বলিতনয় দুৰ্জ্জয় মহাবীৰ বাণসেনাপতিৰে সৈতে


(১) “হৰিবংশ’’,১৮০ আধ্যা।

(৫) ইতিপূৰ্ব্বতে উনুকিয়াই অহা হৈছে যে, শিৱভক্ত মহাযোগী বাণ ৰজাই অদ্ভূত যোগ তপস্যাৰ বলেৰে শিৱাৰী ভৈৰৱী দেৱী পাৰ্ব্বতীৰ পুত্ৰত্বৰ আখ্যা লাভ কৰিছিল।