পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হৰিহৰ-যুদ্ধ।
৫৯৭
 

সৰি সৰি পৰিল। সেই সু-ছেগতে সন্মিলন-সুৰেৰে নাৰদ মুনিয়ে এই হৃদয়গ্ৰাহী সৃষ্টিৰক্ষক স্তৱ গাবলৈ ধৰিলে-“মিলিতদেহ ৰুদ্ৰ আৰু কৃষ্ণক নমস্কাৰ, ত্ৰিনেত্ৰক নমস্কাৰ, দ্বিনেত্ৰক নমস্কাৰ। পিঙ্গলনেত্ৰ কুমাৰগুৰুক নমস্কাৰ, পদ্মনেত্ৰ প্ৰদ্যুম্নগুৰুক নমস্কাৰ। ধৰণীধৰক নমস্কাৰ, গঙ্গাধৰক নমস্কাৰ, ময়ুৰপিচ্ছধৰক নমস্কাৰ, কেয়ুৰধাৰীক নমস্কাৰ। কপালমালীক নমস্কাৰ, বনমালীক নমস্কাৰ; ত্ৰিশূলহস্তক নমস্কাৰ, চক্ৰহস্তক নমস্কাৰ। কণকদণ্ডীক নমস্কাৰ, ব্ৰতীদণ্ডীক নমস্কাৰ। চৰ্ম্মবাসক নমস্কাৰ, পীতবাসক নমস্কাৰ। লক্ষ্মীপতিক নমস্কাৰ, উমাপতিক নমস্কাৰ; খট্বাঙ্গধাৰীক নমস্কাৰ, মুষলধাৰীক নমস্কাৰ। ভস্মাঙ্গধাৰীক নমস্কাৰ, কৃষ্ণাঙ্গধাৰীক নমস্কাৰ। শ্মশানবাসীক নমস্কাৰ, আশ্ৰমবাসীক নমস্কাৰ; বৃষভবাহনক নমস্কাৰ, গৰুড়বাহনক নমস্কাৰ। প্ৰলয়কৰ্ত্তাক নমস্কাৰ, সাগৰশায়ীক নমস্কাৰ। বহুৰূপক নমস্কাৰ, ভৈৰবৰূপক নমস্কাৰ। দক্ষযজ্ঞবিনাশন, বলিনিসূদন, দেৱবিৰুপাক্ষ, সৌম্যেক্ষণক নমস্কাৰ; পৰ্ব্বতবাসীক নমস্কাৰ, সাগৰবাসীক নমস্কাৰ। অসুনাশক নমস্কাৰ, ত্ৰিপুৰনাশক নমস্কাৰ। নৰকহন্তাক নমস্কাৰ, কামাঙ্গনাশনক নমস্কাৰ; অন্ধকঘাতীক নমস্কাৰ, কৈটভহন্তাক নমস্কাৰ। সহস্ৰহস্তক নমস্কাৰ, অসংখ্যেয়বাহুক নমস্কাৰ; সহস্ৰশীৰ্ষক নমস্কাৰ, বহুশীৰ্ষক নমস্কাৰ। দেব-দামোদৰ আৰু মুঞ্জমেখলীক নমস্কাৰ। হে ভগবান বিষ্ণো। আপোনাক নমস্কাৰ, হে ভগবান শিব। আপোনাক নমস্কাৰ। হে দেৱ ভগবান! আপোনাক নমস্কাৰ, হে দেৱপুজিত। আপোনাক নমস্কাৰ। হে সামসমূহ গীত! আপেনোক নমস্কাৰ, হে যজুৰ্গীত। আপোনাক নমস্কাৰ। সুৰশত্ৰুহন্তাক সুৰপুজিতক নমস্কাৰ। যিজন কৰ্ম্মিগণৰ কৰ্ম্ম আৰু অমিতপৰাক্ৰম সিজনক নমস্কাৰ। হে হৃষীকেশ! আপোনাক নমস্কাৰ। হে স্বৰ্ণকেশ আপোনাক নমস্কাৰ!