পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯৮
শ্ৰীকৃষ্ণ।
 

(১)’’। এই দেহৰক্ষক, জীৱনৰক্ষক, সংসাৰৰক্ষক, সৃষ্টিৰক্ষক স্তৱ নিবিষ্টমনেৰে শ্ৰৱণ কৰি প্ৰেমালিঙ্গনেৰে বান্ধ খাই, দুই গুচি বাণ-কৃষ্ণ এক হল, —চৌদিশে ‘হৰিহৰ-মিলন’ (২) ৰূপৰ জেউতি বিয়াপি পৰিল। এই মিলন-মহত্ত্বতে সেই অমিলমূলক ‘হৰিহৰ-যুদ্ধ’ মাৰ গল।

 ইতিছেগতে বাণকিঙ্কৰ (৩) আৰু ৰূদ্ৰপাৰিষদ (৪) বৰ্গে মায়াযুদ্ধ (৫) অৱলম্বন কৰি প্ৰদ্যুম্ন কোৱঁৰক অকলশৰীয়াকৈ পাই আক্ৰমণ কৰিলেগৈ। মহাবল ৰুক্মিণীনন্দন আৰু প্ৰমথগণ প্ৰমুখ্যে সন্মিলীত দানৱ সৈন্যদলৰ মাজত বহু পৰলৈকে তয়াময়া ৰণ চলিবলৈ ধৰিলে, আৰু শেহান্তৰত অকলশৰীয়া কৃষ্ণকুমাৰ অৱশ হৈ পৰিল। ইতিক্ষণতে সিফালে হৰিহৰ- ৰণৰ সামৰণি পৰে। সেই অৱকাসত শ্ৰীকৃষ্ণদেৱে প্ৰাণপ্ৰতিম পুত্ৰ প্ৰদ্যুম্ন কোৱঁৰৰ পতন সংবাদ পাই, অনতিপলমে গৈ সম্মিলীত দানৱদলৰ মায়াযুদ্ধৰ মাজত সোমালেগৈ। অমিততেজস্বী যদুসিংহ কেশৱৰ আগত সৰহপৰ ঠাৱৰিব নোৱাৰি দানৱদলে ছিটিকি পলাবলৈ ধৰিলে। ৰুক্মিণী- নন্দনে পিতৃশুশ্ৰুষাত সংজ্ঞা লাভ কৰি ৰুক্মিণীনাথৰ অপত্যস্নেহপূৰ্ণ আলিঙ্গনত জিৰণি লাভ কৰিলে। ইয়াৰ অলপ পাচতে, শ্ৰীকৃষ্ণৰ অনুগামী হৈ বাণ নৰপতিয়েও কাষ চাপি আহি কোৱঁৰৰ শুশ্ৰুষাত যোগ দিলেহি। তাৰ পাচত, ৰূদ্ৰমূৰ্ত্তি হলধৰে উত্ৰাৱল হৈ আহি অতি চেনেহৰ ভতিজা-


(১) “হৰিবংশ” -১৮১ আধ্যা।

(২) কৃষ্ণৰূপী হৰি আৰু বাণৰূপী হৰ।

(৩) বাণ-ৰজাৰ গা-চোৱা আৰু নগৰৰক্ষক ৰণুৱাবৰ্গক বাণকিঙ্কৰ বোলা হৈছিল।

(৪) মহাভৈৰৱ দেৱালয়ৰক্ষক ৰাজকীয় সেনাবৰ্গক ৰূদ্ৰপাৰিষদ বোলা হৈছিল।

(৫) বাণ-ৰজা অসুৰ। তেওঁ ভালেমান ভেলেকী-বাণ সদৃশ অদ্ভুত ৰণ- কৌশলেৰে যুদ্ধ কৰিছিল; তাকে মায়াযুদ্ধ বোলা হয়।