পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯৬
শ্ৰীকৃষ্ণ৷
 

ৰমণীয় ক্ৰীড়াক্ষেত্ৰ শোণিতপুৰ হৈ ৰসাতললৈ যায়-যায় যেন হৈছে। বিশেষকৈ, সৃষ্টিপালকৰ হাতত সৃষ্টিনাশৰ উপক্ৰম ঘটিছে। গতিকে, পিতামহ ব্ৰহ্মাৰ অনুসৰি মই এই মহাৰণৰ নিবৃত্তিৰ অৰ্থে অযাচিতে মধ্যস্থ উপস্থিত হৈছোঁহি। এতেকে, মোৰ এই সভক্তি অনুৰোধ, আপোনাসকলে যেন স্বচেষ্টাৰে প্ৰকৃতিস্থ হৈ, আপোনাসকলৰ মাজত প্ৰতিদ্বন্দিতা পৰিহাৰ কৰি, সংপ্ৰীতি সন্ধি সংস্থাপন কৰে। আজি মই, নৰলোকৰ হৈ, হৰিক হৰ, আৰু হৰক হৰি ৰূপে দৰ্শন পাবলৈ বাঞ্ছা কৰোঁ। কিয়নো, যেয়ে হৰি সেয়ে হৰ, আৰু যেয়ে হৰ সেয়ে হৰি। হৰিহৰ অভোদাত্মা। যি আদি-মধ্য-অন্ত্যবিহীন সেই হৰিহৰাত্মক ৰূপ আপোনাসকলে ধাৰণ কৰিছে। এতেকে, আপোনাতে আপুনি ৰণ-বিগ্ৰহ ঘটাই আপোনাকে আপুনি বিনাশ কৰিবলৈ আপোনাসকল উদ্যত হোৱাৰ নিচিনা হৈছে; কিয়নো, যেয়ে বিষ্ণু সেয়ে ৰূদ্ৰ, যেয়ে ৰূদ্ৰ সেয়ে ব্ৰহ্মা। এতিয়া, বিষ্ণু আৰু ৰূদ্ৰৰ উগ্ৰভাব লক্ষ্য কৰি, পিতামহ ব্ৰহ্মা (১) সৃষ্টিকৰ্ত্তাৰ প্ৰতিনিধি স্বৰূপে উপস্থিত হৈ মই মিনতি জনাইছোঁ, আপোনাসকল ক্ষান্ত হওক। বৈৰী ভাব পৰিহাৰ কৰি আপোনাসকলে মৈত্ৰী ভাব ধাৰণ কৰোক।” এই বুলি বীণাধাৰীয়ে (২) অতি মৰ্ম্মস্পৰ্শী সুৰেৰে সৃষ্টিমহিমা কীৰ্ত্তনৰ স্তৱ কৰিবলৈ ধৰিলে। শুনি শুনি শ্ৰীকৃষ্ণ তন্ময় হল, বাণাসুৰ বিমোহিত হৈ ঠৰ লাগিল! দুইৰো হাতৰ অস্ত্ৰাদি


(১) সৃষ্টিকৰ্ত্তা স্বৰূপে ব্ৰহ্মা সকলোৰে পিতামহ। অৰ্থাৎ, সৃষ্টিৰ পিতৃ-মাতৃ পুৰুষ-প্ৰকৃতিৰো স্ৰষ্টা ব্ৰহ্মা; এতেকে সেই পুৰুষ-প্ৰকৃতি সন্ততি মাত্ৰৰে ব্ৰহ্মা পিতামহ। নাৰদ মুনি সেই সন্ততিৰ মাজত সৰ্ব্বপ্ৰধান বুলি তেওঁ ব্ৰহ্মাৰ পোনহতীয়া নাতিৰূপে অভিহিত।

(২) বীণা-বাদনত নাৰদ মুনি বীণাপাণিৰ বৰপুত্ৰ স্বৰূপ।