সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯০
শ্ৰীকৃষ্ণ৷
 

কাৰণ নিশ্চয় আছে। গতিকে, মোৰ সামান্য বিবেচনাৰে কওঁ যে, এই ৰণত ইমানতে ক্ষান্ত হোৱা হে যুগুত; অনৰ্থক নৰ-শোণিতেৰে এই পৱিত্ৰ ক্ষেত্ৰ প্লাবিত কৰাৰ সকাম নাই। ইমানতে যদি আপুনি ক্ষান্ত নহয়, তেন্তে এই ৰণ “হৰিহৰ যুদ্ধ” যেন হে হবগৈ। ইয়াৰ শেষফল সংপ্ৰীতি সন্ধি সংস্থাপনত বাজে আন একো হব নোৱাৰে। এতেকে, ইমানতে বিনাৰক্তপাতে সেই শেষফল লাভ কৰাটো হে শ্ৰেয়ঃ৷’’

 মহাত্মা কুম্ভাণ্ড মন্ত্ৰীৰ জ্ঞানগৰ্ভ উপদেশে ৰোষান্ধ বাণ মহাসুৰৰ প্ৰজ্বলিত ৰোষাগ্নি চতুৰ্গুণে উদ্দীপ্ত কৰিলে। তেওঁ ৰোষপৰবশ হৈ মহাজ্ঞানী সুদূৰদৰ্শী মন্ত্ৰীবৰক এই বুলি ককৰ্থনা কৰিবলৈ ধৰিলে, “মন্ত্ৰি! তুমি প্ৰাণৰ মমতাত এনেকৈ ভয়াতুৰৰ মন্তব্য প্ৰকাশ কৰিছাঁ কিয়? ধিক্ তোমাৰ মন্ত্ৰিত্ব! ধিক্ তোমাৰ মনুষ্যত্ব! তুমি তোমাৰ প্ৰাণ লৈ কাপুৰুষৰ জীৱন যাপন কৰাগৈ, তাত মোৰ খেদ নাই; কিন্তু মোক তোমাৰ দৰে ভয়াতুৰ যেন নাভাবিবা, মোক উপস্থিত ৰণত ক্ষান্ত হবলৈ পৰামৰ্শ নিদিবা। মই স্বীয় পিতৃ (১) সৃষ্টিহাৰী হৰৰূপ ধাৰণ কৰি, স্বয়ং ৰণক্ষেত্ৰত অৱতীৰ্ণ হৈ, সামান্য কৃষ্ণকাৰ হৰিৰূপী শত্ৰুক বিনাশ কৰিমগৈ।” অযাচিতে এনে গ্লানি মহাত্মা কুম্ভাণ্ডৰ পক্ষে অতি অসহনীয় হল; তেওঁ ততালিকে স্বীয় অধীনস্থ সৈন্যবল সংগ্ৰহ কৰি লৈ ৰণক্ষেত্ৰত ইচ্ছাৰ বিৰুদ্ধে হৰি-কৃষ্ণৰ প্ৰতিদ্বন্দী হৈ ফেৰ পাতিলেগৈ। কিন্তু, নিচেই অলপ পৰ মাথোন ৰণ দিওঁতেই কৃষ্ণচক্ৰাগ্নিৰ কোবত ঠাৱৰিব নোৱাৰি ভয়বিহ্বল হৈ তেওঁৰ প্ৰমথ


(১) বাণ নৰপতিয়ে তপস্যাৰ বলত হৰ-পাৰ্ব্বতীৰ পুত্ৰত্ব লভ কৰাৰ বিষয়ে ওপৰত উনুকিয়াই অহা হৈছে।