পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অগ্নিগড় লঙ্ঘন।
৫৯১
 

সৈন্যগণ (১) ছিটিকি পলাবলৈ ধৰিলে। ধৰ্ম্মপ্ৰাণ কুম্ভাণ্ড মন্ত্ৰী ভক্তিবিহ্বল হৈ নিৰস্ত্ৰ অৱস্থাত অগত্যা শৰণাপন্ন হবলৈ অগ্ৰসৰ হৈছে, এনেতে ধৰ্ম্মযোদ্ধা ভকতবৎসল শ্ৰীকৃষ্ণদেৱে তেওঁক ক্ষমা কৰি মুক্তি দিলে। তাৰ পাচত, মহাবীৰ্য্যৱন্ত হৰৰূপী বাণাসুৰ ক্ৰোধত অধীৰ হৈ, স্বয়ং হৰিকৃষ্ণৰ লগত ৰণ দিবলৈ উন্মত্তচিতেৰে আগ বাঢ়িল। ভৈৰবীতনয় (২) বলিনন্দন বাণাসুৰে প্ৰলয় কালৰ ৰূদ্ৰৰূপ ধাৰণ কৰি মহাবেগে গৈ কৃষ্ণহৰিক বিষম বিক্ৰমেৰে আক্ৰমণ কৰিলে গৈ। হৰৰূপী বাণাসুৰৰ ভীষণ ৰণসাজ আৰু সৃষ্টিহাৰীৰ অস্ত্ৰশস্ত্ৰ দেখি হৰিৰূপী শ্ৰীকৃষ্ণ পৰম পুলকিত হল। মুহূৰ্ত্তৰ মধ্য়তে দুয়ো পক্ষৰ মাজত তয়ময়া ৰণ লাগি উঠিল। সাক্ষাৎ যেন প্ৰলয় কালত সৃষ্টিসংৰক্ষণ আৰু সৃষ্টিসংহৰণৰ অৰিয়া-অৰিত দুই বিৰোধী ঐশশক্তিয়ে “হৰি-হৰহৰি” ৰূপে ৰণত অৱতীৰ্ণ হলহি, এনে ধাৰণা চৌদিশে বিয়াপি পৰিল (৩)।

 অগ্নিগড় ৰক্ষক অসুৰ সৈন্যগণ ৰণত পৰাস্ত হোৱা সংবাদ পাই মহাভৈৰব আৰু মহাভৈৰবী মহাপীঠ (৪) ৰক্ষক দানৱ সৈন্যদলৰ অধ্যক্ষ ‘জ্বৰ' নামে দানৱ সেনাপতি খঙ্গত গৰ্জ্জি উঠিল। তেওঁ অনতিপলমে নিজৰ নিৰ্দ্ধাৰিত ৰণসাজ পৰিধান কৰি ত্ৰিপাদ ত্ৰিশিৰা


(১) “হৰিবংশ”, ১৮১ আধ্যা।

(২) পাৰ্ব্বতীৰ পুত্ৰত্ব লাভ কৰাৰ হেতুকে শিৱভক্ত বাণ নৰপতিক ভৈৰবীতনয় বোলা হৈছে।

(৩) “হৰিবংশ”, ১৮০ আধ্যা।

(৩) তেজপুৰত বিদ্যমান মহাভৈৰৱ মন্দিৰ আৰু মহাভৈৰবী দেৱালয়েই সেই মহাপীঠ।