পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অগ্নিগড় লঙ্ঘন।
৫৮৯
 

কৰিবলৈ ধৰিলে—“আহিছে যদি, আহোক শ্ৰীহৰি পৃথিৱীলৈ নামি নডৰাওঁ মই। দৈৱকীনন্দন বসুদেৱসুত গোপালক যদি আজি হৰি হব পাৰে, তেন্তে পাৰ্ব্বতীনন্দন ভৈৰৱতনয় বলিসুত বাণ স্বয়ং হৰ হৈ তেওঁৰে সৈতে ৰণ কৰাটো নিচেই স্বাভাবিক বুলি জানিবাঁ।(১)।”

 বাণ নৰপতিক অতিশয় ৰোষান্ধচিত্ত হোৱা দেখি মহা ধৈৰ্য্যশীল মহাজ্ঞানী কুম্ভাণ্ড মন্ত্ৰীয়ে তেওঁক এই বুলি শান্ত কৰিবলৈ প্ৰয়াস পালে, —“হে মহাবাহো! হে মহাসুৰ দৈত্যৰাজ! আপোনাৰ অপৰাজিত দৈবশক্তিৰ বিষয়ে মই অনভিজ্ঞ নহওঁ। মই জানো, আপোনাৰ ঘোৰ তপস্যাত তুষ্ট হৈ আশুতোষ মহাভৈৰৱে আপোনাক মহাভৈৰবী পাৰ্ব্বতী দেবীৰ পুত্ৰত্ব বৰ দান কৰি থৈছে। মই ইয়াকো জানে যে, সেই বৰৰ প্ৰভাৱত আপুনি আংশিক হৰশক্তি লাভ কৰিছে। মই আৰু জানোঁ যে, সেই হৰশক্তি ৰক্ষাৰ্থে আপুনি সহস্ৰ অস্ত্ৰবিশাৰদ হৈ সহস্ৰভুজ নাম পাইছে। সেই হেতুকেই আপোনাক জিনোতা নাই, যেয়ে-সেয়ে আপোনাৰে সৈতে ফেৰ পাতিবলৈ সাহ নকৰে। তেনেস্থলত যে সুদূৰ দূৰদেশ দ্বাৰকাৰপৰা ‘কানাই-বলাই’ ৰামকৃষ্ণই বলাই-কানাই ৰূপে আহি অলঙ্ঘনীয় অগ্নিগড় লঙ্ঘন কৰি বলেৰে আপোনাৰ নগৰত প্ৰৱেশ কৰি আপোনাৰে সৈতে ফেৰ পাতিছেহি, তাৰপৰাই বুজিব লাগে যে আপোনাৰ উপস্থিত বৈৰী সামান্য নৰ নহয়। মোৰ মনতো এনে ধাৰণা হে হৈছে, যেন কাৰ্ত্তিকেয় সমন্বিতে হৰ-পাৰ্ব্বতীয়ে অৱস্থান কৰা এই মহাভৈৰৱ থানত ৰুদ্ৰৰ সংহাৰৰপৰা উষা-অন্তঃপুৰ ৰক্ষাৰ্থে সৃষ্টিপাল ভগৱন্ত শ্ৰীহৰি স্বয়ং অৱতীৰ্ণ হৈছেহি। অৱশ্যে, আমাৰ এনে ধাৰণা প্ৰকৃত নহবও পাৰে। তথাপি এই মহাৰণৰ এটা নিগূঢ়


(১) “হৰিবংশ” ১৮১, আখ্যা।