পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮৮
শ্ৰীকৃষ্ণ।
 

অভিলাষ। কিন্তু অসুৰ সৈন্য সংখ্যা চাই, আমি গুটীয়াকৈ ৰণ দিয়াটো কদাপি বাঞ্ছনীয় নহয়। আমাৰ তাকৰীয়া সৈন্যকে প্ৰত্যেকজন নেতাই ভগাই লৈ সুকীয়া-সুকীয়াকৈ ৰণ দিবলৈ গলে, অসুৰবল ক্ষয় হোৱাৰ আগেয়ে আমাৰ ৰণবল অন্ত পৰাৰ হে আশা। এতেকে, আমি সবাৱে একেবাৰে একে চোচাতে শত্ৰুক বিনাশ কৰিবলৈ আগ বঢ়াটোহে বাঞ্ছনীয়। সেই উদ্দেশ্যে মই প্ৰাঙ্মুখ হৈ যুদ্ধ দিওঁ। সুপৰ্ণ মোৰ আগে আগে আগৰণুৱা হওক। আপুনি মোৰ সোঁপাশে আৰু প্ৰদ্যুম্ন কোঁৱৰ বাঁওপাশে হৈ আমি চাৰিও সমবায়ীকৈ ৰণত অগ্ৰসৰ হওঁহঁক।” সেই সুদিহা অনুসৰি, অসুৰৰ অসংখ্য সৈন্যৰ লগত যাদৱবাহিনীৰ ৰণ আৰম্ভ হল। যুদ্ধমাৰ্গবিশাৰদ মহাবাহু বলদেৱে নাঙ্গলৰ আগেৰে আঁকুহি আনি শত্ৰুসেনাক মুষলেৰে দগৰিবলৈ ধৰিলে। বাঘযেন বীৰ্য্যৱন্ত বীৰ মহাবল প্ৰদ্যুম্ন কোৱঁৰে শৰজালেৰে যুধ্যমান দানৱগণক আগুৱাব নোৱাৰাকৈ আগভেটা দি ধৰিলে; সৰ্ব্বাস্ত্ৰবিশাৰদ স্থিৰ যোদ্ধা শঙ্খ-চক্ৰ-গদা-পদ্মধৰ শ্ৰীকৃষ্ণদেৱে বিবিধ অদ্ভুত কৌশলেৰে বিচক্ষণীয়া ৰণ দিবলৈ ধৰিলে। ফলত, দানৱ সৈন্য সমুহে সৰহ পৰ ঠাৱৰিব নোৱাৰি ৰণভঙ্গ দি ছিটিকি পলাবলৈ ধৰিলে। (১)

 জ্বৰ সেনাপতিৰ অভাবনীয় আচৰণত বাণ নৰপতি স্তম্ভিত হল। তেওঁ ক্ষন্তেক কৰ্ত্তব্যবিমোৰ হৈ ৰৈ, পিচ-মুহূৰ্ত্তত ভীমগৰ্জ্জনেৰে গৰ্জ্জি উঠি ঘনে ঘনে হঙ্কাৰ ছাৰি আৰু ভীষণ আন্দালনেৰে ৰণভূমি কম্পমান কৰিলে। বীৰমদত উন্মত্ত হৈ মহাসুৰ বাণ নৰপতিয়ে স্বীয় মন্ত্ৰী সেনাপতি মহাজ্ঞানী মহাত্মা কুম্ভাণ্ডৰ আগত এই বুলি বাৰম্বাৰ অভিমান


(১) এয়ে “হৰি-হৰ যুদ্ধ” আখ্যানৰ অতি-গুৰি। ইয়াৰ পৰিণামেই “কুমাৰ- উদ্ধাৰ’’৷ “হৰিবংশ” ,১৮০ আধ্যা।