পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অগ্নিগড় লঙ্ঘন।
৫৮৭

মাধৱ! আপোনাৰ মঙ্গলাৰ্থে আৰু শিৱভক্ত মহাসুৰ বাণ নৰপতিৰ ৰক্ষাৰ্থে মহাবল কাৰ্ত্তিকেয় সমন্বিতে হৰ-গৌৰীৰ প্ৰতিনিধি স্বৰূপে এক অজেয় মহাভৈৰৱ আৰু মহাভৈৰৱী দলে সৌ প্ৰকাণ্ড মন্দিৰত(১) অৱস্থিতি কৰিছে।”

 কন্যাপুৰত যাদৱবহিনীয়ে খোপনিপিটি লোৱা মাত্ৰকে জলধৰ যেন কেশৱে শশধৰ সদৃশ, শঙ্খবাদনেৰে ৰণ ঘোযণা কৰি দিলে। সেই ঘোষণাৰ সঙ্কেত শুনা মাত্ৰে সুসজ্জিত হৈ অদ্ভুতকৰ্ম্মা বাপ-ৰজাৰ অসংখ্য অপ্ৰমেয় অক্ষয় কিঙ্কৰ সৈন্যগণে ভীষণ হুঙ্কাৰ ছাৰি দেৱবাহিনীক চৌপাশৰপৰা বেৰি ধৰিলেহি। সেই অগণন অসুৰ সৈন্যগণে শূল, মুষল, অসি, গদা, পৰিঘ ইত্যাদি অন্ত্ৰেৰে সশস্ত্ৰ হৈ যাদৱবাহিনীৰ ওপৰত ভীষণ আক্ৰমণ বহুৱালেহি। মহাবাহু সঙ্কৰ্ষণে (২) সেই ৰাহুমুখীয়া অসুৰবলৰ আক্ৰমণ ওফৰাবলৈ অগ্ৰসৰ হৈ অনুজ কৃষ্ণৰ সন্মতি আহ্বান কৰিলে। অগ্ৰজ ৰামৰ প্ৰস্তাৱ অনুমোদন কৰি, ৰণপণ্ডিত ধীমান মাধৱে এই বুলি সু-দিহা দিলে, “হে অগ্ৰজ! হে হলধৰ! আমাৰো সেয়ে


(১) তেজপুৰৰ বৰ্তমান “মহাভৈৰৱ মন্দিৰ” লক্ষিত হৈছে। এই মন্দিৰ বাণ- ৰজাৰ দ্বাৰাই প্ৰতিষ্ঠিত হৈ অদ্যাপি বিদ্যমান। এই মন্দিৰত সেই কালত শৈবশক্তিসম্পন্ন এজন মহাযোগী পুৰুষে অবস্থান কৰিছিল। তেওঁ তপস্যাৰ বলত সাক্ষাৎ স্বয়ং মহাভৈৰৱ হৰসদৃশ। এই মন্দিৰৰপৰা এক ক্ৰোশ পূবত তেজপুৰৰ বৰ্ত্তমান মহাভৈৰৱী দেৱালয়: ইয়ে উষাদেৱীৰ পূজা-অৰ্চ্চনাৰ অৰ্থে তেওঁৰ পিতৃ বাণৰজাৰ দ্বাৰাই প্ৰতিষ্ঠিত। এই মন্দিৰত মহাভৈৰৱৰ সহধৰ্ম্মিনী ৰুদ্ৰাণীসদৃশ, এগৰাকী মহাভৈৰবী নামক যোগিনী আৰু ভালেমান সহচৰী ভৈৰৱীয়ে বাস কৰিছিল। সময়ে সময়ে ভৈৰবীসৱ সমন্বিতে গৈ মহাভৈৰৱীয়ে নৃত্য-ক্ৰীড়া আদিত মহাভৈৰৱৰ লগত যোগ দিয়াৰ ৰীতি প্ৰচলিত আছিল।

(২) ৰোহিনীনন্দন বলৰাম।